Bengaluru Sahitya Sabha:বাংগালুৰুত নৱগঠিত বাংগালুৰু সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

আজীৱন সভ্যৰ হাতত অৰ্পণ প্ৰমাণ পত্ৰ

bangaluru sahitya sabha scaled

Bengaluru Sahitya Sabha:

কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুত নৱগঠিত বাংগালুৰু সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা দেওবাৰে বাংগালুৰু সাহিত্য সভাৰ উপ-সভাপতি অঞ্জুমণি ভৰালীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় । সাধাৰণ সম্পাদক হীৰকজ্যোতি কাকতিয়ে আঁত ধৰা সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীয়ে আজীৱন সভ্যৰ প্ৰমাণপত্ৰ সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে ৷  গোস্বামীয়ে ভাষণ প্ৰসংগত কয়, ’বাংগালুৰু সাহিত্য সভাৰ বাবে ইতিহাসত ই এক স্মৰণীয় আৰু গৌৰৱৰ দিন হিচাপে চিহ্ণিত হৈ ৰব ৷’
সভাত  সভাপতিত্ব কৰা উপ-সভাপতি অঞ্জুমণি ভৰালীয়ে কয়, অনতি পলমে বাংগালুৰু সাহিত্য সভাই শতদল সাহিত্য সভাৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হব বুলি আশা প্ৰকাশ কৰে | সভাতি উপদেষ্টা ক্ৰমে প্ৰাঞ্জল আৰবিন্দ মেধি, ৰাজদীপ কৰৰ লগতে ডাঃ ফাৰমিডা আমান, সুবাসনা গোস্বামী, ৰাজলক্ষ্মী মেধি, দিক্ষীতা ভূঞা, উতাংক শৰ্মা, মৃত্যুঞ্জয় তালুকদাৰ, ধনভৰালী ধ্ৰুৱজ্যোতি দাস প্ৰমুখ্যে ভালে সংখ্যক লোক উপস্থিত থাকে। কাৰ্যনিবাহক সভাতে আগন্তুক বিষ্ণুৰাভা দিৱসটি বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে,বাংগালুৰুত সাহিত্য সভাৰ এই নতুন শাখাই অসমীয়া সাহিত্য, সংস্কৃতি আৰু ভাষাৰ বিকাশ আৰু প্ৰসাৰলৈ বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এই শাখাৰ মাধ্যমেৰে বাংগালুৰুৰ অসমীয়া সমাজখনে নিজৰ ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হব। শাখাটোৱে নিয়মিত সাহিত্য আলোচনা চক্র আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিব বুলি সকলোৱে আশা কৰিছে।

স্মতৰ্ৱ্য যে,বিগত বৰ্ষৰ ন ডিচেম্বৰত অনলাইনযোগে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ তৎপৰতাত দক্ষিণ ভাৰতৰ অন্যতম ৰাজ্য কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুত ‘অসম সাহিত্য সভা’ৰ শাখা গঠনৰ প্ৰস্তুতি চলোৱা হৈছিল ৷ ইয়াৰ সমান্তৰালভাৱে আৱশ্যক সংখ্যক আজীৱন সভ্যৰ বৰঙনি সংগ্ৰহ কৰি অসম সাহিত্য সভাত জমা দিয়া হৈছিল ৷

আনহাতে অসম সাহিত্য সভাৰ কাৰ্যনিবাহক সভাই বাংগালুৰু শাখা সাহিত্য সভা গঠনৰ অনুমোদন জনোৱাৰ পিছত সভাৰ প্ৰধান সম্পাদক ড:উপেন্দ্ৰ শৰ্মা, উপ- সভাপতি ড:গিৰিশ সন্দিকৈ প্ৰমুখ্যে এটা সজাতি দলে আজীৱন সভ্যৰ প্ৰমান পত্ৰ সমূহ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ যোগেদি বাংগালুৰু প্ৰবাসী অসমীয়া সকলক বৰ্তমানলৈকে অন্তভূক্ত হোৱা আজীৱন সভ্য সকলৰ মাজত বিতৰণৰ দায়িত্ব অৰ্পণ কৰিছিল ৷

Exit mobile version