Brutal Murder in Nagaon Kandali:নগাঁৱৰ কন্দলীত নৃশংস হত্যাকাণ্ড !

ছোৱালী জোকোৱাক লৈ এজন যুৱকক হত্যা, চাহ বাগিচাৰ মাজত উদ্ধাৰ যুৱকজনৰ মৃতদেহ

nagaon murder

Brutal Murder in Nagaon Kandali

নগাঁৱৰ কন্দলী চাহ বাগিছাৰ এডাল গছত চিপ লৈ থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ মৃত যুৱক জন কমল দেউৰি বুলি চিনাক্ত কৰা হয় ৷

উল্লেখ্য যে,বাগিছাৰ এডাল গছৰ মিহি ডাল এটাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা সময়ত মাটিত বহি থকা অৱস্থাত উদ্ধাৰ হয় ৷ আনহাতে পৰিয়ালৰ লোক আৰু স্থানীয় লোকে এয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰে ৷ছোৱালী জোকোৱাক লৈ দুই যুৱকৰে হোৱা সংঘাতৰ পৰিণতিত যুৱকদ্বয়ে যুৱকজনক নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি,বুধবাৰে ছোৱালী জোকোৱাক কেন্দ্ৰ কৰি কমল দেউৰী নামৰ যুৱক জনক কন্দলি চাহ বাগিছাৰ দুই যুবকে উপযুপৰি প্ৰহাৰ কৰিছিল ৷ ফলত গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত দেউৰীক বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিছত কিছু সুস্থ হোৱাত ঘৰলৈ যাব দিয়া হয় ৷ কিন্ত আছি পুৱাতে বাগিছাৰ মাজত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় দেউৰী নিথৰ দেহ ৷

ইতিমধ্যে এই হত্যাকাণ্ডক লৈ বাগিছা লাইনত চেপা উত্তেজনা অব্যাহত আছে ৷পৰিয়ালৰ লোকে এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি হত্যাৰ স’তে জড়িত থকা দুই যুৱকক গ্ৰেপ্তাৰৰ দাবী কৰে ৷ আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে ঘটনা তদন্ত  ৷

Exit mobile version