1 Million Hindus angry in Britain:ব্রিটেইনত ক্ষুব্ধ ১০ লাখ হিন্দু, ৰাজনৈতিক দলক দিছে এইসমূহ দাবী

uk

1 Million Hindus angry in Britain:

ব্রিটেইনত অহা চাৰি জুলাইত সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব। এই নির্বাচনৰ পূৰ্বে ব্রিটেইনত বস্বাস কৰা হিন্দুসকলে সম্ভাব্য চৰকাৰৰ বাবে কেতবোৰ দাবী উত্থাপন কৰিলে। প্রথমবাৰৰ বাবে ব্রিটেইনত নির্বাচনৰ পূর্বে হিন্দুৱে ৩২ পৃষ্ঠাৰ এক ঘোষণাপত্র প্রকাশ কৰিলে।

ADVERTISEMENT

এই ঘোষণাপত্ৰৰ জৰিয়তে দেশখনত বসবাস কৰা হিন্দু ধৰ্মাৱলম্বীয়ে স্পষ্ট কৰি কয় যে নির্বাচনত যদিহে ৰাজনৈতিক দলক নেতাই হিন্দুৰ ভোট লাভ কৰিব বিচাৰিছে, তেন্তে হিন্দুসকলৰ কিছুমান সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিব লাগিব। ‘হিন্দু ফ’ৰ ডেম’ক্ৰেছী’ নামৰে প্ৰকাশ কৰা এই ঘোষণা পত্রত ব্রিটেইন নিবাসী হিন্দুসকলে হিন্দুৰ বিৰুদ্ধে ঘৃণা প্ৰতিৰোধ কৰা আৰু মন্দিৰ সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰিছে।

হিন্দু ফ’ৰ ডেম’ক্ৰেছী হৈছে ব্রিটেইনৰ ১৫টা হিন্দু সংগঠনৰ এক গোষ্ঠী। ২০২১ত জনগণনা অনুসৰি, ব্রিটেইনত ১০ লাখৰো অধিক হিন্দু লোক আছে। ব্রিটেইনৰ মুঠ জনসংখ্যাৰ ১.৭ শতাংশ হিন্দু। তদুপৰি ব্রিটেইনত হিন্দু হৈছে তৃতীয়টো বৃহৎ ধর্ম।

Exit mobile version