Number of Registered Unemployed in the State rose by 7.63 Lakh in five Months: পাঁচ মাহতে ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৭.৬৩ লাখ বৃদ্ধি

অসমত নিবনুৱাৰ সংখ্যা ২৮.৬৬ লাখ ২৪ লাখৰে শীৰ্ষত গুৱাহাটী

unempolyed

Number of Registered Unemployed in the State rose by 7.63 Lakh in five Months:

ভয়াৱহ নিবনুৱা সমস্যাই ছানি ধৰিছে অসমক। বিগত পাঁচ মাহত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৭,৬৩,৭৫৯ গৰাকী বৃদ্ধি পালে। ইয়াৰ লগে লগে ৰাজ্যত সম্প্ৰতি মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ’লগৈ ২৮,৬৬,৭৮৪ গৰাকী।

উল্লেখ্য যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ তথ্য অনুসৰি ২০২৩ৰ তিনি ডিচেম্বৰ পৰ্যন্ত অসমত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২১ লাখ তিনি হেজাৰ ২৫ গৰাকী। ইয়াৰে গুৱাহাটীত আছিল এক লাখ ৯৭ হেজাৰ ৭৮৩গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা |

কিন্তু যোৱা পাঁচ মাহত গুৱাহাটীত ইয়াৰ সংখ্যা দুই লাখ ৬২ হেজাৰলৈ বৃদ্ধি পাইছে। কেৱল গুৱাহাটী
মহানগৰীতে নহয়, ৰাজ্যৰ প্ৰতিখন জিলাতে দ্রুতহাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰে এক ভয়াবহ দিশকঢ়িয়াই আনিছে। বিভাগীয় তথ্য অনুসৰি, ৰাজ্যত মুঠ নিবনুৱা সংখ্যাৰ ৫৭.৮ শতাংশ পুৰুষ, ৪২.২ শতাংশ মহিলা নিবনুৱা। ৰাজ্যত আজি পর্যন্ত পঞ্জীয়নভুক্ত নিবনুৱা সংখ্যা হৈছে ২৮,৬৬,৭৮৪ গৰাকী। সমান্তৰালভাৱে ৬০,৬৭৬ খন আবেদন নাকচ কৰা হৈছে আৰু ৩,৮১৫ খন আবেদন বিচাৰহীন হৈ আছে।

উল্লেখ্য যে ৰাজ্যখনত উল্লিখিত মুঠ নিবনুৱা সংখ্যাৰ ভিতৰত সৰ্বাধিক ১২,০৭,৯৭৭ জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ। ইয়াৰ উপৰি ৬,৯০,০৬৯ গৰাকী স্নাতক ডিগ্রীধাৰী,৯৯,৯৮৯ গৰাকী মাতকোত্তৰ ডিগ্রীধাৰী, ১৩,৩৯৭ ঔদ্যোগিক প্রশিক্ষণপ্রাপ্ত (আইটিআই) নিবনুৱা আছে। বিভাগীয় তথ্যঅনুসৰি, গুৱাহাটী জিলা নিয়োগ বিনিময় কেন্দ্রত সর্বাধিক দুই লাখ ৬২ হেজাৰ নিবনুৱা পঞ্জীয়নভুক্ত হৈ আছে।

সমান্তৰালভাৱে নগাঁও নিয়োগ বিনিময় কেন্দ্রত এক লাখ ১৪ হেজাৰ, যোৰহাট নিয়োগ বিনিময় কেন্দ্রত এক লাখ ২১ হেজাৰ, শিলচৰ নিয়োগ বিনিময় কেন্দ্রত এক লাখ ২৬ হেজাৰ, ধুবুৰী নিয়োগ বিনিময় কেন্দ্ৰত এক লাখ ১২ হেজাৰ, নলবাৰী নিয়োগ বিনিময় কেন্দ্রত এক লাখ ৬৪ হেজাৰ, লখিমপুৰ নিয়োগ বিনিময় কেন্দ্রত এক লাখ ৩৬ হেজাৰ নিবনুৱা পঞ্জীয়নভুক্ত হৈ আছে। একেদৰে বঙাইগাঁও নিয়োগ বিনিময় কেন্দ্রত ৭৯ হেজাৰ, বৰপেটা নিয়োগ বিনিময় কেন্দ্রত ৬৯ হেজাৰ, ডিব্ৰুগড় নিয়োগ বিনিময় কেন্দ্রত প্রায় ৭১ হেজাৰ, গোৱালপাৰা নিয়োগ বিনিময় কেন্দ্ৰত ৬৬ হেজাৰ, গোলাঘাট নিয়োগ বিনিময় কেন্দ্ৰত ৯১ হেজাৰ, হাইলাকান্দি নিয়োগ বিনিময় কেন্দ্ৰত ৫৫ হেজাৰ, কৰিমগঞ্জ নিয়োগ বিনিময় কেন্দ্রত ৪৩ হেজাৰ, কোকৰাঝাৰ নিয়োগ বিনিময় কেন্দ্ৰত ৭৬ হেজাৰ, মঙলদৈ নিয়োগ বিনিময় কেন্দ্ৰত ৯১ হেজাৰ, মৰিগাঁওনিয়োগ বিনিময় কেন্দ্রত ৫৪ হেজাৰ, শিৱসাগৰ নিয়োগ বিনিময় কেন্দ্ৰত ৯২ হেজাৰ, তেজপুৰ নিয়োগ বিনিময় কেন্দ্রত ৮৭ হেজাৰ, তিনিচুকীয়া নিয়োগ বিনিময় কেন্দ্রত ৩২ হেজাৰ, ডিগবৈ নিয়োগ বিনিময় কেন্দ্রত ২৬ হেজাৰ, ডুমডুমা নিয়োগবিনিময় কেন্দ্রত ৩২ হেজাৰ, গোসাঁইগাঁও নিয়োগ বিনিময় কেন্দ্রত ২৪ হেজাৰ, হাটশিঙিমাৰী নিয়োগ বিনিময় কেন্দ্রত ১৯ হেজাৰ, হোজাই নিয়োগ বিনিময় কেন্দ্রত ৪৯ হেজাৰ, নাজিৰা নিয়োগ বিনিময় কেন্দ্রত ১৪ হেজাৰ, ৰামকৃষ্ণনগৰ নিয়োগ বিনিময় কেন্দ্রত ১৬ হেজাৰ, ৰঙিয়া নিয়োগ বিনিময় কেন্দ্রত ৮০ হেজাৰ, শদিয়া নিয়োগ বিনিময় কেন্দ্রত ১০ হেজাৰ,ধনশিৰি নিয়োগ বিনিময় কেন্দ্ৰত ১৬ হেজাৰ, বিশ্বনাথ চাৰিআলি নিয়োগ বিনিময় কেন্দ্ৰত ৬৮ হেজাৰ, বোকাজান নিয়োগ বিনিময় কেন্দ্ৰত ১০ হেজাৰ, দুলীয়াজান নিয়োগ বিনিময় কেন্দ্ৰত ৩৭ হেজাৰ, হামৰেন নিয়োগ বিনিময় কেন্দ্ৰত ২৩ হেজাৰ, জাগীৰোড নিয়োগ বিনিময় কেন্দ্ৰত ১৯ হেজাৰ, জোনাই নিয়োগ বিনিময় কেন্দ্ৰত ২২ হেজাৰ, কলিয়াবৰ নিয়োগ বিনিময় কেন্দ্ৰত ৩৩ হেজাৰ, মাজুলী নিয়োগ বিনিময় কেন্দ্রত ২৭ হেজাৰ, মৰাণহাট নিয়োগ বিনিময় কেন্দ্রত ৩৪ হেজাৰ, নামৰূপ নিয়োগ বিনিময় কেন্দ্ৰত ১৫ হেজাৰ, পাথাৰকান্দি নিয়োগ বিনিময় কেন্দ্ৰত ২৭ হেজাৰ, সোণাৰি নিয়োগ বিনিময় কেন্দ্রত৭৭ হেজাৰ, ওদালগুৰি নিয়োগ বিনিময় কেন্দ্ৰত চাৰি হেজাৰ নিবনুৱা পঞ্জীয়নভুক্ত হৈছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিবনুৱা পঞ্জীয়ন ব্যবস্থা ডিজিটেল মাধ্যমলৈ উন্নীত কৰি নিবনুৱা সংখ্যা হ্রাস পাব বুলি দাবী কৰি আহিছিল যদিও পঞ্জীয়ন নবীকৰণ হোৱাৰ পাছত ইয়াৰ সংখ্যা অধিক বৃদ্ধিহে পালে। ক’ভিদৰ সময়ছোৱাত ৰাজ্যত নিবনুৱাৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পোৱাৰ পাছতে যোৱা পাঁচ বছৰত এইবাৰ অভিলেখ সংখ্যক নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱা বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।

প্রাপ্ত তথ্য অনুসৰি, ২০১৯ত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০,৪৭,১৯৫ গৰাকী। একেদৰে ২০২০ ত ২০,৮০,৭৬৭ গৰাকী, ২০২১ত ছেপ্টম্বৰ পৰ্যন্ত ২২,০০,১২৫ গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা আছিল।

Exit mobile version