Pakistan’s Debt has Increased Fivefold in a Decade:এক দশকত পাকিস্তানৰ পাঁচ গুণ ঋণ বৃদ্ধি, দেশ দেউলীয়া হোৱাৰ শংকা

debt

Pakistan’s Debt has Increased Fivefold in a Decade:

পাকিস্তানৰ বিত্তীয় অৱস্থা দিনকদিনে অধিক দুর্দশাগ্রস্ত হ’বলৈ ধৰিছে। যি হাৰত পাকিস্তানৰ ঋণৰ বোজা বৃদ্ধি পাইছে, ইয়াৰ ফলত দেশখন দেউলীয়া হোৱাৰ শংকা প্রকট হৈছে। পাকিস্তানে বিগত ১০ বছৰত ঋণ গ্রহণত এক অভিলেখ ৰচিলে। ২০১৩ বর্ষৰ পৰা মার্চ ২০২৪ৰ সময়ছোৱাত পাকিস্তানৰ ঋণৰ পৰিমাণ পাঁচ গুণ বৃদ্ধি পালে। মার্চ ২০২৪ত পাকিস্তানৰ ঋণৰ পৰিমাণ ৬৭.৫২৫ ত্রিলিয়ন টকা হ’ল।

পাকিস্তানে আহৰণ কৰা ৰাজহৰ এক বৃহৎ আংশ কেৱল ঋণ পৰিশোধত ব্যয় হৈ আহিছে। দেশখনত এক বিত্তীয় অনুসন্ধানৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, পাকিস্তান চৰকাৰে ২০২৪ বিত্তীয় বর্ষৰ আৰম্ভণিৰ ন মাহত মুঠ ঋণৰ বাবদ ৫.৫১১৮ ত্রিলিয়ন সূত আদায় দিলে। পাকিস্তানত ঋণ বৃদ্ধিৰ মূল কাৰণ হৈছে দেশখনৰ ৰাজকোষৰ ঘাটি।

একাংশ বিত্তীয় বিশেষজ্ঞৰ দাবী অনুসৰি, ঋণ বৃদ্ধিৰ প্রক্রিয়া অব্যাহত থাকিলে আগন্তুক সময়ত পাকিস্তান দেউলীয় হোৱাা যথেষ্ট সম্ভাৱনা আছে। পাকিস্তানৰ ঋণৰ পৰিমাণ বর্তমানে দেশখনৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৬৩.৬৭ শতাংশ হৈছে। বর্তমানৰ সময়ত পাকিস্তানৰ জিডিপিৰ মূল্য হৈছে ১০৬.০৪৫ ব্রিলিয়ন অর্থাৎ, ৩৭৫ বিলিয়ন ডলাৰ।

বিগত ১৬ বছৰত অর্থাৎ ২০০৮ৰ পাছৰে পৰা পাকিস্তানৰ ঋণৰ পৰিমাণ ১১ গুণ বৃদ্ধি পালে। ২০১৮ ত পাকিস্তানৰ ঋণৰ পৰিমাণ আছিল ৬.১২৭ ব্রিলিয়ন টকা। পাকিস্তানৰ বিত্তীয় সমীক্ষা ২০২৩-২৪ৰ প্রতিবেদনত উল্লেখ কৰা অনুসনি, দেশখনত প্রতিজন বৃদ্ধ আৰু শিশুৰ বিপৰীতে ঋণৰ পৰিমাণ হৈছে ২.৭৯.৬০৬ পাকিস্তানী টকা।
বিগত ছবছৰত দেশখনৰ ঘৰুৱা ঋণৰ পৰিমাণ ১৬.৪১৬ ত্রিলিয়ন টকাৰ পৰা ৪০.৪৩২ বিলিয়ন টকালৈ বৃদ্ধি পালে। একে সময়ছোৱাত দেশখনত বিদেশী ঋণৰ পৰিমাণ ৮.৫৩৭ বিলিয়ন টকাৰ পৰা ২৪.০৯ বিলিয়ন টকালৈ বৃদ্ধি পালে।

Exit mobile version