yoga 1

Yoga camp at Amrit Udyan:মহানগৰীৰ অমৃত উদ্যানত যোগ শিবিৰৰ আয়োজন

সমগ্ৰ দেশজুৰি অহা ২১ জুনত অনুষ্ঠিতব্য আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰৰ আয়ুষ সঞ্চালকালয় আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছন,অসমৰ উদ্যোগত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ অমৃত উদ্যানত আজি পুৱা এক যোগ শিবিৰ অনুস্থিত হয় । যোগ শিবিৰ উদ্বোধন কৰি কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে যোগাসনৰ অভ্যাসে শৰীৰ সুস্থ কৰি ৰাখে । শৰীৰ সুস্থ থাকিলেহে মন স্থিৰ হৈ থাকে ।

মানসিক ক্ষমতা তথা সন্তুলন যোগ অভ্যাসৰ জৰিয়তে আহৰণ কৰিব পাৰি। জিলা আয়ুক্ত গৰাকীয়ে শিক্ষাৰ্থী সকলক যোগ শিবিৰত শিকি যোৱা আসনসমূহ ঘৰৰ জ্যেষ্ঠজনকো শিকাই-বুজাই দিয়াৰ বাবে আহ্বান জনায় ।বিবেকানন্দ কেন্দ্ৰৰ যোগ প্ৰশিক্ষকসকলে শিকোৱা এই যোগ শিবিৰত কামৰূপ মহানগৰ জিলাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

আজিৰ এই যোগ শিবিৰত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত ত্ৰিদিব কোঁৱৰ,ৰাষ্ট্ৰীয় আয়ুষ সঞ্চালকালয়ৰ সঞ্চালিকা ড: ইন্দ্ৰনোশী দাস,জিলা স্বাস্হ্য বিভাগৰ যুটীয়া সঞ্চালক প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ অন্যান্য বিষয়া -কৰ্মচাৰী উপস্থিত থাকে ।

Exit mobile version