‘Mission Flood Free Guwahati’ turned into a flop:প্ৰহসনত পৰিণত ‘মিছন ফ্লাড ফ্রী গুৱাহাটী’

নেৰানেপেৰা বৰষুণত জলমগ্ন মহানগৰীৰ বহু অঞ্চল, বশিষ্ঠত ভূমিস্খলন, কথমপি প্ৰাণ ৰক্ষা যুৱকৰ

flood

‘Mission Flood Free Guwahati turned into a flop:

গুৱাহাটী মহানগৰীক কৃত্রিম বানমুক্ত কৰাৰ শ্ল’গানৰে ২০১৪ত শাসনলৈ অহা বিজেপি চৰকাৰে আঠ বছৰ অতিক্রম কৰিলে যদিও এই সমস্যাৰ পৰা কোনোধৰণৰ পৰিত্ৰাণ নপালে মহানগৰবাসীয়ে।

চৰকাৰৰ কৃত্রিম বানমুক্ত তথা ‘মিছন ফ্লাড ফ্রী গুৱাহাটী’ শ্ল’গানক সাকাৰ ৰূপ দিবলৈ গুৱাহাটী উন্নয়ন নিগম আৰু পৌৰ নিগমে কোটি কোটি টকা ব্যয় কৰি ৰূপায়ণ কৰা অভিলাষী আঁচনি ফ্লপশ্ব’ত পৰিণত হৈছে। এজাক বৰষুণতে প্রতিবাৰেই উটি গৈছে মহানগৰীৰ আভিজাত্য।

যোৱা নিশাৰে পৰা অহা মুষলধাৰ বৰষুণৰ ফলত চান্দমাৰি, হাতীগাঁও-সিজুবাৰী, ৰুক্মিণীগাঁও, নবীন নগৰ, পাঞ্জাবাৰী, বেলতলা, কাহিলিপাৰাকে ধৰি বহু অঞ্চল কৃত্রিম বানৰ কৱলত পৰে। সংশ্লিষ্ট অঞ্চলসমূহৰ গৰিষ্ঠ সংখ্যক পথ, সংযোগী উপ-পথসমূহ পানীত বুৰ গৈ থকাৰ পৰিপ্ৰেক্ষিতত যানবাহন চলাচত ব্যাঘত জন্মে আৰু বহু কেইটা অঞ্চলৰ চৌহদত পানী সোমোৱাৰ ফলত লোকসকল একপ্ৰকাৰ গৃহবন্দী হৈ পৰে।

উল্লেখ্য যে দীর্ঘসময় ধৰি কৃত্রিম বানৰ ফলত মহানগৰবাসীয়ে কিদৰে যমৰ যাতনা ভোগ কৰি আহিছে, সেয়া নকৈ কোৱাৰ হয়তো প্রয়োজন নাই। এই দুর্ভোগৰ পৰা পৰিৱৰ্তনকামী চৰকাৰৰ দিনত কিছু হ’লেও সকাহ লাভ কৰিব বুলি মহানগৰবাসীয়ে আশা কৰিছিল যদিও সময় বাগৰাৰ লগে লগে এই আশা চূৰমাৰ হৈ আহিছে। তথ্য-প্রযুক্তিবিদ্যাৰ জয়জয়কাৰ দিনটো এজাক বৰষুণতে সৃষ্টি হোৱা কৃত্রিম বানৰ অবর্ণনীয় পৰিস্থিতিৰ পৰা আজিও মহানগৰবাসীয়ে পৰিত্ৰাণ নাপালে।

এই প্রসংগ আহিলেই সময়ে সময়ে চমক সৃষ্টি কৰি অহা চৰকাৰখনে গুৱাহাটীক বানমুক্ত কৰাৰ লক্ষ্যৰে কোটি কোটি টকা খৰচ কৰি অত্যাধুনিক ছুপাৰ ছাকাৰ, বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰি আহিছে যদিও এই সমস্যাই দিনক দিনে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে।

সমান্তৰালভাৱে গুৱাহাটী বানমুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰে শিলসাঁকোত উচ্ছেদ চলোৱা হৈছিল বুলি মন্তব্য কৰি ব্যাখ্যা আগবঢ়াইছিল যদিও মহানগৰীত পূৰ্বৰ দৰেই কৃত্রিম বানৰ বিভীষিকাময় পৰিৱেশ আজিও অব্যাহত থাকিল। অবশ্য পূৰ্বৰ দৰেই আজিৰ দিনটোতো পৌৰ নিগমে বিভিন্ন স্থানত মেচিন লগাই পানী সিঁচি পৰিস্থিতিৰ স’তে মোকাবিলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। \

আনহাতে, নলা-নর্দমা পৰিষ্কাৰ কৰাৰ সময়ত নাইবা বিভিন্ন নির্মাণ কাৰ্য পৰিদৰ্শন কৰি বানমুক্ত গুৱাহাটীৰ শ্ল’গান আওৰাই অহা গুৱাহাটী উন্নয়ন মন্ত্রী অশোক সিংহল সোমবাৰে ঢেকিয়াজুলিত ব্যস্ত হৈ থকাৰ বিপৰীতে মঙলবাৰে মহানগৰীৰ বৰবাৰীত শিশু শিক্ষা সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠানত ব্যস্ত থকা দেখিবলৈ পোৱা গ’ল।

ইফালে, মুষলধাৰ বৰষুণৰ মাজতে বশিষ্ঠত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা। এই ঘটনাত এজন যুৱকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। উল্লেখ্য যে বশিষ্ঠৰ সন্ধ্যাচল পাহাৰৰ বিজয়পুৰত পুৱতি নিশা এক ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।

পাহাৰৰ ওপৰৰ পৰা মাটি খহি অহাৰ ফলত এটা বাসগৃহৰ পকী দেৱাল ভাঙি এটা অংশ হেঁচা মাৰি ধৰে। সংশ্লিষ্ট বাসগৃহত ভাৰ্গৱ পাঠক নামৰ এজন লোক শুই আছিল আৰু তেওঁৰ বিছনাখন তথা ভৰি অংশ ভাঙি পৰা দেৱালে হেঁচা মাৰি ধৰিছিল। অৱশ্যে তেওঁ নিজক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই ভূমিস্খলনৰ ফলত বাসগৃহটোৰ বিস্তৰ ক্ষতিসাধন হয়।

ইপিনে,মহানগৰীত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত আজি ভঙাগড়ৰ টিভি টাৱাৰৰ ওচৰত সংঘটিত হয় ভূমিস্খলন৷ একেদৰে মহানগৰীৰ কেতবোৰ পাহাৰীয়া অঞ্চলৰ বাসিন্দা এতিয়া যিকোনো সময়তে হ’ব পৰা ভূমিস্খলনৰ আশংকাত শংকিত হৈ পৰিছে ৷

Exit mobile version