Regional Meterological Centre In Guwahati: ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ

বতৰ বিজ্ঞান বিভাগৰ সৰ্তকবাণী, ৰাজ্যৰ ৮ খনকৈ জিলাত ৰেড এলাৰ্ট জাৰি,১২ খনক অৰেঞ্জ এলাৰ্ট আৰু ১৫ খনক ইয়েল' এলাৰ্ট

heavy rain 1

Regional Meterological Centre In Guwahati:

ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী সহ উজনি ,নামনি,উত্তৰ পাৰ আৰু বৰাক উপত্যকাৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে। বানৰ কবলত পৰিছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ ঠায়ে ঠায়ে খহিছে বাট- পথ ৷ খহিছে কাঠৰ দলং ৷ বানাক্ৰান্ত লোকে আশ্ৰয় লবলগীয়া হৈছে আশ্ৰয় শিৱিৰত ৷ বহু অঞ্চলত যোগাযোগ ব্যাহত হৈ পৰিছে।

কিন্ত ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগৰ সৰ্তকবাণী ৷ ৰাজ্যত অহা দুদিনলৈ অব্যাহত থাকিব ধাৰাষাৰ বৰষুণ ৷ ৰাজ্যৰ আঠ খন জিলাক ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷ ১২ খনক অৰেঞ্জ এলাৰ্ট আৰু ১৫ খনক ইয়েল’ এলাৰ্ট ৷

সেইঅনুসৰি ,কোকোৰাঝাৰ,চিৰাং,বাকসা,বঙাইগাঁও তামুলপুৰ বৰপেটা ডিমা হাচাও, গোৱালপাৰাত ৰেড এলাৰ্ট জাৰি উল্লিখিত জিলা খনত ধাৰাষাৰ বৰষুণ হৈ থাকিব পাৰে ৷

একেদৰে   ধুবুৰী,বজালী,নলবাৰী,ওদালগুৰি,দৰং,নগাঁও,মৰিগাঁও,অবিভক্ত কাৰ্বি আংলং কাছাৰ,কৰিমগঞ্জ আৰু গোলাঘাটক অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে দক্ষিণ শালমৰা,অবিভক্ত কামৰূপ ,তিনিচুকীয়া শোণিতপুৰ,তিনিচুকীয়া, ধেমাজী,চৰাইদেও,বিশ্বনাথ,ডিব্ৰুগড়,হাইলাকান্দি,শিৱসাগৰ,লখিমপুৰ,মাজুলী,হোজাইত ইয়েল’এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে |

Exit mobile version