Clouds, birds, sky don’t need passports: Bangladeshi poet Lopa Mamtaz:মেঘ, চৰাই,আকাশৰ পাৰপত্ৰ নালাগেঃ বাংলাদেশৰ কবি লোপা মমতাজ

gpc 1

Clouds, birds, sky don’t need passports: Bangladeshi poet Lopa Mamtaz

মই নিজকে আকাশ বুলি ভাবো, মেঘ আৰু চৰাই বুলি ভাবোঁ। কাৰণ এখন দেশৰ পৰা আন এখন দেশলৈ যাবৰ বাবে মেঘ, বৰষুণ আৰু চৰাইক পাৰপত্ৰৰ প্ৰয়োজন নহয়। মই মোৰ কবিতাৰ মাজেৰে নাৰী-পুৰুষৰ সম অধিকাৰৰ দাবী উত্থাপন কৰো। জাত-পাত, ধৰ্মীয় বিভেদৰ বিপৰীতে মই সাম্যৰ পোষকতা কৰোঁ।’

আজি গ্ৰন্থ প্ৰাকশক প্ৰতিষ্ঠান বৰ্ণৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত ‘লোপাৰ সৈতে কবিতাৰ আড্ডা’ত এই মন্তব্য কৰে বাংলাদেশৰ তৰুণ কবি লোপা মমতাজে। উল্লেখ্য যে পাণ্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক শান্তনু ৰায়চৌধুৰীয়ে লোপা মমতাজৰ কাব্যগ্ৰন্থ ‘লোপা ও লিলিথ’ সন্দৰ্ভত এক মনোজ্ঞ আলোচনা আগবঢ়ায়।

অধ্যাপক ৰায় চৌধীৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়ঃ অসাধাৰণ কাব্য প্ৰতিভাৰ অধিকাৰী লোপাই বাংলা কবিতাৰ গতানুগতিক ‘ফৰ্ম’ অত্যন্ত সাহসিকতা আৰু পাৰদৰ্শিতাৰে ভাঙি অভিনৱ এক শৈলীৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। লোপাৰ কাব্যধাৰা নিঃসন্দেহে অনুসৰণীয়। লোপাৰ কবিতাত কেবল প্ৰেম আৰু প্ৰকৃতিয়েই নাই, আছে চিৰন্তন সত্য প্ৰকাশৰ প্ৰতি আত্মিক আকাংক্ষা। আৰু সেয়ে সৰল ভাষাত তেওঁ আদম আৰু ইভৰ( লিলিথ) যৌন সম্পৰ্কক কেৱল মাত্ৰ আদমৰ দৈহিক ইচ্ছাত সীমাবদ্ধ নকৰি লিলিথৰ ইচ্ছাকো মানতা দিছে আৰু সম্পৰ্ক যে প্ৰেমৰ সম্পৰ্ক তাক প্ৰতীয়মান কৰিছে কবিতাৰে।

আনহাতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট কবি নীলিম কুমাৰে বাংলাদেশী কবি লোপাৰ কবিতাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় লোপা মমতাজে কবিতাত নাৰী -পুৰুষৰ শাশ্বত সম্পৰ্কৰ কথাবোৰ যি সাহসিকতাৰে উপস্থাপন কৰিছে সেয়া অসমীয়া কবিতাত দুৰ্লভ। আড্ডাত অংশ লৈ বাংলাদেশৰ আন এজন জনপ্ৰিয় কবি আলফ্ৰেড খোকনে বাংলাদেশৰ বিগত শতিকাৰ ৬০ৰ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে বাংলা কবিতা চৰ্চাৰ সম্যক ইতিহাস দাঙি ধৰে।

আড্ডাত কবি গৰাকীৰ সৈতে মত বিনিময় কৰে, কবি ইছমাইল হোছেইনে। প্ৰাক্তন সাংসদ আব্দুল খালেকেওঋ অংশগ্ৰহণ কৰি এই অনুষ্ঠানটোৱে অসমৰ সৈতে বাংলাদেশৰ কবি-সাহিত্যিকৰ সম্পৰ্ক সুদৃঢ় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰে খাইৰুল আলমে।

Exit mobile version