Heroin Seized in Cachar: কাছাৰ আৰক্ষীৰ অভিযানত বাহনৰ পৰা জব্দ বুজন পৰিমাণৰ হেৰ’ইন

cachar

Heroin Seized in Cachar:

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অব্যাহত ৰক্ষা অভিযানৰ মাজতে যোৱা নিশা এক অভিযানত এখন বাহনৰ পৰা জব্দ হয় বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইন

গোপন খবৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে চলচাপ্ৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৯৭৪ গ্ৰাম হেৰ’ইন। লগতে গ্ৰেপ্তাৰ কৰা হয় এজন সৰবৰাহকাৰীক

আৰক্ষীয়ে সন্দেহ কৰা মতে হে’ৰইন খিনি চুবুৰীয়া মিজোৰামৰ পৰা সৰবৰাহ কৰা হৈছিল ৷ আনহাতে,কাছাৰ আৰক্ষীৰ এই সফল অভিযানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভূয়সী প্ৰশংসা কৰে ৷

Exit mobile version