Body was Transported by Wheelbarrow Instead of an Ambulance:এম্বুলেন্সৰ পৰিৱৰ্তে ঠেলাৰে কঢ়িয়াইছে মৃতদেহ

samaria

Body was Transported by Wheelbarrow Instead of an Ambulance:

কামৰূপ জিলাৰ ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তর্গত বৃহত্তৰ টুপামাৰী অঞ্চলৰ প্ৰায়ভাগ বাট-পথৰ বিধ্বস্ত অৱস্থাই শেহতীয়াকৈ বিপাঙত পেলাইছে সৰ্বসাধাৰণ ৰাইজক। স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পাছতো আজিলৈকে টুপামাৰী, বদলা, বংগেশ্বৰী, ৰাংগাপানী, ভখুৰাদিয়া, বদলা পথাৰ, উত্তৰ ৰাংগাপানী, দক্ষিণ ৰাংগাপানী, বংগেশ্বৰীপাম আদি অঞ্চলৰ সৰহ সংখ্যক বাট পথ জৰাজীর্ণ আৰু বোকাময় অবস্থা।

যাৰ বাবে – উল্লেখিত অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ, শিক্ষার্থী, ৰোগীয়া লোক সকলোৱে সুদীর্ঘদিনৰ পৰা যাতায়াতৰ ক্ষেত্ৰত বিড়ম্বনা ভোগ কৰিবলগীয়া হৈছে ইপিনে, চৰকাৰ আহিল গ’ল প্রতিখন চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগ, বিভাগীয় মন্ত্রী, স্থানীয় বিধায়ক সকলোকে বহু আবেদন-নিবেদন কৰিলে, কিন্তু সকলো অসাৰ প্ৰতিপন্ন হোৱাত সীমাহীন সমস্যাৰে প্রত্যেক দিনাই উল্লেখিত অঞ্চলবাসী গণ ৰাইজে যাতায়াত অব্যাহত ৰাখিছে ।

উক্ত পথত এক মর্মান্তিক, কৰুণ, হৃদয়বিদাৰক ছবি উন্মোচিত হোৱাত সর্বত্রে চর্চা চলিছে। তথ্য মতে, টুপামাৰী গাঁৱৰ এগৰাকী যুৱতীয়ে চিপলৈ আত্মহত্যা কৰাৰ পাছতেই মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগৰ এম্বুলেন্সৰ স’তে পৰিয়ালৰ লোকে যোগাযোগ কৰে যদিও বাট- পথৰ বিধ্বস্ত অৱস্থাৰ বাবে অঞ্চলটোলৈ এম্বুলেন্সক আহিব নোৱৰাত উপায়ন্তৰ হৈ মৃত যুৱতীগৰাকীৰ পৰিয়ালে ঠেলা এম্বুলেন্সৰ সহায়ত প্রথমে টুপাম’ৰী আৰক্ষী চকীলৈ নিয়ে আৰু তাৰে পৰা আৰক্ষীৰ সহায়ত গুৱাহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুনৰাই টুপামাৰী আৰক্ষী চকলৈ মৃতদেহ আনি পৰিয়ালক চমজাই দিয়াত পৰিয়ালৰ লোকে পুনৰাই ঠেলাৰেই মৃতদেহ কঢ়িয়াই ঘৰলৈ নিব লগা হয়।

উল্লেখ্য যে অঞ্চলৰ ববে এয়া কোনো নতুন কথা নহয়। কিয়নো, বাট-পথৰ দুৰৱস্থা বাবে পায়ে অঞ্চলটোৰ ৰাইজে ৰোগী কিম্বা মৃতদেহ কঢ়িয়াব লগা হয় ঘোঁৰাগাড়ী, সাঙী নতুবা ঠেলাৰে। ইপিনে, বিগত দুটা কার্যকালত বিধায়িক নন্দিতা দাসে সমষ্টিৰ তেনে কোনো উন্নয়নমূলক কাম কৰা নাই বুলিও ৰাইজে অভিযোগ উত্থাপন কৰি শীঘ্রে উল্লেখিত অঞ্চলৰ জৰাজীর্ণ বিধ্বস্তু ৰাজপথ মেৰামতি কৰি ৰাইজৰ সূচল যাতায়াতৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কর্তৃপক্ষৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাক দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে।

Exit mobile version