Rice prices rise to Rs 15 per Week:এসপ্তাহত ১৫ টকালৈ চাউলৰ মূল্য বৃদ্ধি !

নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থা, এটাৰ পাছত আনটো অজুহাত যোগান বিভাগৰ সমস্যাত পৰিছে খুচুৰা ব্যৱসায়ীও

rice88

Rice prices rise to Rs 15 per Week:

মধ্যবিত্তৰ জেপ লুৰুকিবলৈ এইবাৰ বৃদ্ধি হ’ল চাউলৰ মূল্য। ৰাজ্যত প্ৰতিবিধ চাউলৰে পাইকাৰী খুচুৰা মূল্য যোৱা এসপ্তাহৰ ভিতৰতে ২০-২৫ শতাংশ পর্যন্ত বৃদ্ধি হৈছে। উন্নয়নৰ তথাকথিত ধ্বজা উৰুওৱা চৰকাৰে ৮০ কোটি দৰিদ্ৰ লোকক বিনামূলীয়া চাউল যোগান ধৰাৰ বিপৰীতে মূল্যবৃদ্ধিৰ পাছত হাহাকাৰ কৰিবলগীয়া হৈছে মধ্যবিত্ত শ্রেণীটোৱে।

সর্বত্র মূল্যবৃদ্ধিৰ জুই জ্বলিছে। লোকসভা নির্বাচন পাৰ হোৱাৰ পাছতে এই জুইকুৰা যেন ভমককৈ জুলি উঠিছে। সম্প্রতি প্রতিবিধ তথা প্রতিটো ব্ৰেণ্ডৰ চাউলৰ মূল্য বজাৰত যি হাৰত উর্ধ্বমুখী হৈছে, সেয়া আগন্তুক দিনতো অব্যাহত থাকিব বুলি বজাৰ বিশেষজ্ঞসকলে আশংকা ব্যক্ত কৰিছে। এই কথা ঠিক যে বিনামূলীয়া চাউল লাভ কৰা বহু পৰিয়ালক সেইখিনি

চাউলেবে মাহটো নোজোৱে। সেয়ে তেওঁলোকেও কম পৰিমাগত হ’লেও মুকলি বজাৰৰ পৰা চাউল কিনিবলৈ বাধ্য হৈছে। গতিকে বিনামূলীয়া চাউল লাভ কৰাসকলৰো একাংশৰ মূৰত মাধমাৰ পৰিছে।

ৰাজ্যৰ অসামৰিক যোগান বিভাগৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি প্ৰতি কিলোগ্রাম চাউলৰ মূল্য অসমত ১৫ টকা পর্যন্ত বৃদ্ধি হৈছে। কাৰণ পাইকাৰী বজাৰতো মূল্যবৃদ্ধি হৈছে। পৰিবহণ ব্যয়কে ধৰি খুচুৰা বজাৰত সেয়েহে মূল্যৰ সর্বাধিক প্রভাৱ পৰিছে। সুত্রটোবে জনায় যে পাইকাৰী বজাৰত বহুল প্রচলিত বিভিন্ন প্ৰকাৰৰ বাচমতি চাউলৰ পাইকাৰী মূল্য প্রতি কিলোগ্রামত ৭০-১১৮ টকা পর্যন্ত বৃদ্ধি হৈছে। এই বৃদ্ধিৰ পূর্বে সেই মূল্য ৬০-১০০ টকা আছিল। আনহাতে, একেবাৰে কম মূল্যৰ সাধাৰণ চাউলৰ পাইকাৰী মূল্য ৩০-৭৫ টকা পর্যন্ত বৃদ্ধি হৈছে।

সেই মূল্য তাৰ পূৰ্বে প্ৰতি কিলোগ্রামত আছিল ২২-৬০ টকা। সেই হিচাপত এনে বৃদ্ধিৰ ফলত অসমৰ বজাৰত বহুল প্রচলিত বিপিটি চাউলৰ খুচুৰা মূল্য প্রতি কিলোগ্রামত ৪৫ টকাৰ পৰা ৫৫ টকালৈ বৃদ্ধি হৈছে। আন এটা জনপ্রিয় ব্রেন্ড সোনাশক্তিৰ মূল্যবৃদ্ধি হৈছে ৬০-৭০ টকালৈ। স্থানীয় আইজং চাউলৰো মূল্য বৃদ্ধি হৈছে প্রতি কিলোগ্রামত ৪০-৫২ টকালৈ। ব্রেগুভেদে ১৫ টকালৈয়ো মূল্যবৃদ্ধি হোৱা বুলি কে’বাজনো ব্যৱসায়ীয়ে জনায়। গ্রামাঞ্চল তথা পাইকাৰী বজাৰৰ পৰা দূৰণিৰ খুচুৰা বজাৰত নগৰাঞ্চলতকৈ চাউলৰ খুচুৰা মূল্য অধিক বৃদ্ধি হৈছে। পৰিবহণ ব্যয়ৰ বাবেই এনে বৃদ্ধি হৈছে।

সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ব্যৱসায়ী সঞ্জীৱ ডেকাই কয় যে যি হাৰত মূল্যবৃদ্ধি হৈছে, তাৰ ফলত সাধাৰণ দোকান চলোৱাটোৱেই মস্কিল হৈ পৰিছে। ডেকাই কয়, ‘চাউল মানুহক লাগিবই। দাম বাঢ়িলেও মানুহে চাউল কিনিবলৈ বাধ্য; অথচ আমি ব্যৱসায়ী হিচাপে গ্রাহকক বহু সময়ত মূল্যৰ পৰিমাণ ক’বলৈকে টান পাওঁ। কাৰণ হঠাৎ ১০-১৫ টকা একেলগে বৃদ্ধি হ’লে গ্ৰাহকৰ কিমান অসুবিধা হয়, আমি অনুভৱ কৰো। দাম বাঢ়িল বুলি আমাৰ দৰে খুচুৰা ব্যৱসায়ীৰ লাভ কিন্তু নাবাঢ়ে। বৰঞ্চ আগতকৈ লাভৰ পৰিমাণ কমিছেহে।’

ডেকাৰ দোকানলৈ বজাৰ কৰিবলৈ অহা মহানগৰীৰ বেহাৰবাৰীৰ বাসিন্দা বৈষ্ণৱ পালে কয়, ‘আমাৰ কাৰণে দুৰ্বলতা এয়ে যে দাম বাঢ়িলে আমি কিছুমান পাচলি আৰু গেলামালৰ সামগ্ৰী নিকিনিব পাৰো  অথবা কমকৈ কিনিব পাৰো; কিন্তু চাউল কমকৈ কিনি আমি ভোকত থাকিব নোৱাৰো। যিমান দাম বাঢ়িলেও আমি প্রয়োজনীয় চাউল কিনিবই লাগিব। গ্ৰাহকৰ এই দুৰ্বলতাৰ সুযোগ লৈছে বজাৰ নিয়ন্ত্ৰণ কৰাসকলে।’

উল্লেখ্য যে দক্ষিণ ভাৰত, উত্তৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰৰ পৰাই দেশৰ বজাৰলৈ সৰ্বাধিক চাউলৰ যোগান ধৰা হয়। দাম বৃদ্ধি হ’লেই যেন বৃহৎ ব্যৱসায়ী আৰু চৰকাৰৰো একাংশই উৎপাদন হ্রাস হোৱা বুলি সাধাৰণ কাৰণ দেখুওৱাটো এক স্বভাৱত পৰিণত হৈছে। অসম চৰকাৰৰো যোগান বিভাগৰ সূত্রই আজি সেয়াই কাৰণ দেখুৱায়। বিশেষকৈ উত্তৰ প্ৰদেশত যোৱাটো বতৰত চাউলৰ উৎপাদন যথেষ্ট হ্রাস হয়।

ইয়াৰ ফলত চাউলৰ মুঠ যোগানত বৃহৎ ঘাটি পৰে। অৱশ্যে চৰকাৰী এনে দাবীৰ বিপৰীতে এইটোও সঁচা যে চাহিদাৰ ভৰপক সুযোগ লৈ অসাধু ব্যৱসায়ী চক্ৰৰ দপদপনি সমগ্র দেশত চলি আহিছে। ছিণ্ডিকেট, ক’লা বজাৰ, আদিয়েও বজাৰত মাধমাৰ শোধাই আহিছে। ইয়াৰ ফলত সকলো নিত্য প্রয়োজনীয় সামগ্ৰীৰে মূল্যবৃদ্ধি হৈছে। নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা কোৱা চৰকাৰ নিৰ্বাচনৰ পাছতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে গ্ৰহণ কৰি আহিছে নীৰৱতা। ইয়াৰ পৰিণাম বাৰম্বাৰ ভুগি আহিছে সাধাৰণ জনতাই।

Exit mobile version