National Award-winner filmmaker Rima Das joins the Academy Awards 2024 as a new member:ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ আন্তৰাষ্ট্ৰীয় সন্মান

অস্কাৰ একাডেমী বঁটা ২০২৪ৰ সমিতিৰ সদস্য হিচাপে মনোনিত বিশিষ্ট পৰিচালিকা গৰাকী, ভাৰতৰ পৰা নগৰাকী অস্কাৰ সমিতিলৈ হৈছে মনোনিত

rima das

National Award-winner filmmaker Rima Das joins the Oscars Academy Awards 2024 as a new member:

ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ আন্তৰাষ্ট্ৰীয় সন্মান ৷অস্কাৰ একাডেমী বঁটা ২০২৪ৰ সমিতিৰ সদস্য হিচাপে মনোনিত বিশিষ্ট পৰিচালিকা গৰাকী ৷ উল্লেখ্য যে,ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ ‘ভাৰতৰ পৰা অস্কাৰ ২০১৯ত মনোনিতৰ তালিকাত অন্তভুৰ্ক্ত হৈছিল ৷

এই বছৰ অস্কাৰ একাডেমীয়ে ৬৮খন দেশৰ পৰা ৪৮৭ জন নতুন সদস্যক আমন্ত্ৰণ জনাইছে, য’ত নতুন সদস্যৰ ৪৬ শতাংশ মহিলা আৰু ৪১ শতাংশ অপ্ৰতিনিধিত্বশীল জাতিগত বা বৰ্ণগোষ্ঠীৰ পৰা আহিছে। ৫৬ শতাংশই আমেৰিকাৰ বাহিৰৰ দেশৰ।

মনকৰিবলগীয়া যে, ভাৰতৰ ৰীমা দাসৰ লগতে আন নগৰাকী অস্কাৰ সমিতিলৈ হৈছে মনোনিত ৷ তেওঁলোক হ’ল ৷ প্ৰৱীণ অভিনেত্ৰী শ্বাবানা আজমি, পৰিচালক এছ এছ ৰাজামৌলি , আনন্দ কুমাৰ টাকাৰ, প্ৰযোজক ৰিতেশ সিধৱানী, চিনেমাট’গ্ৰাফাৰ ৰবি বৰ্মান, সাজ-পোছাক ডিজাইনাৰ ৰামা ৰাজামৌলী, শীতল শৰ্মা, তথ্যচিত্ৰ নিৰ্মাতা নিশা আৰু পহুজা হেমল ত্ৰিবেদী ।

আনহাতে,অস্কাৰ একাডেমী বঁটা ২০২৪ৰ সমিতিৰ সদস্য হিচাপে মনোনিত হৈ ৰীমা দাসে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,একাডেমীৰ সদস্য হ’বলৈ পাই মই অত্যন্ত আনন্দিত আৰু ৰোমাঞ্চিত হৈছো। একাডেমীত মোৰ যাত্ৰা আৰম্ভ হৈছিল যেতিয়া ভিলেজ ৰকষ্টাৰছ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি ২০১৯ হৈছিল।এতিয়া অস্কাৰৰ অংশ হিচাপে মই আমাৰ কলাৰ শ্ৰেষ্ঠসকলক স্বীকৃতি দিবলৈ, চিনেমাৰ শক্তি আৰু যাদুক উপস্থাপন কৰাত অৰিহণা যোগাবলৈ আগ্ৰহী।

Exit mobile version