Lekhapani SI Suspension :সুৰাৰ ৰাগিত মতলীয়া হৈ ৰাজপথত নিৰীহৰ ওপৰত অত্যাচাৰ এছ আইৰ

এমবিএ ছাত্ৰ এজনক গুৰুলা গুৰুলকৈ কৰিছিল প্ৰহাৰ, লেখাপানী থানা ঘেৰাও ৰাইজৰ, গুণ্ডাৰূপী এছ আই প্ৰাঞ্জল ফুকনক নিলম্বন

Lekhapani SI Suspension :

শেহতীয়াকৈ একাংশ আৰক্ষীয়ে সৰ্বসাধাৰণৰ ওপৰত দাদাগিৰি কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ খোদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে বশিষ্ট আৰক্ষীৰ তিনি উপ-পৰিদৰ্শকে সুৰাত মাতাল হৈ এজন বিশেষভাৱে সক্ষম যুৱকক উপযুপৰি প্ৰহাৰ কৰাৰ ফলত যুৱকজনৰ দুয়োখন ভৰি ভাঙে ৷ ইতিমধ্যে চিকিৎসাধীন হৈ আছে ভুক্তভোগী যুৱকজন ৷ নিলম্বন কৰা হৈছে তিনি আৰক্ষীকে ৷

এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ আন এক অনুৰূপ ঘটনা সংঘটিত হয় লেখাপানীত ৷ টেটুলৈকে গিলি লেখাপানী থানাৰ এজন আৰক্ষী উপ- পৰিদৰ্শক প্ৰাঞ্জল ফুকনে বিনা কাৰণত প্ৰহাৰ কৰিলে এমবিএ ছাত্ৰ পদুম ছেত্ৰীক। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন।

প্ৰাপ্ত অভিযোগ মতে, লেখাপানী আৰক্ষী থানাৰ এছ আই প্ৰাঞ্জল ফুকনে বুধবাৰে নিশা সুৰাৰ ৰাগীত মাতাল হৈ অসামৰিক পোছাকত আন তিনি গৰাকী আৰক্ষী জোৱানক লগত লৈ ৰাজপথৰ কাষত ৰৈ থকা বাহনৰ পৰা পদুম চেত্ৰী নামৰ এমবিএ ছাত্ৰজনক উলিয়াই আনি কোনো কথাৰ অৱতাৰণা নকৰাকৈ উপযুপৰি প্ৰহাৰ কৰে ৷ ইয়াতো ক্ষান্ত নাথাকি নানান অবাইচ গালি- শপনি দিয়ে ৷

ইতিমধ্যে ছাত্ৰজনৰ অভিভাৱকে এছ আই জনৰ লগতে আন তিনি আৰক্ষীৰ বিৰুদ্ধে লেখাপানী থানাত এজাহাৰ দাখিল কৰাৰ বিপৰীতে স্থানীয় ৰাইজে দোষী আৰক্ষীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবীত থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷

শেহতীয়া খবৰ অনুসৰি , আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক্স হেণ্ডল যোগে নিৰীহৰ ওপৰত নিৰ্যাতন চলোৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশনা জাৰি কৰিছে তিনিচুকীয়া আৰক্ষীক ৷ এই অনুসৰি তিনিচুকীয়া আৰক্ষী অধীক্ষকে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ লেখাপানী আৰক্ষী থানাৰ অভিযুক্ত উপ-পৰিদৰ্শক প্ৰাঞ্জল ফুকনক নিলম্বন কৰা হৈছে। একেদৰে আন দুগৰাকী কনিষ্ঠবলক ৰিজাৰ্ভ ক্ল’জ কৰাৰ লগতে লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

Exit mobile version