New criminal laws: Delhi records first FIR under new penal code BNS against a street vendor:আজিৰে পৰা দেশত বলৱৎ তিনিখন নতুন ফৌজদাৰী আইন

বিলীন হ'ল আই পি চি,চিআৰ পিচি,আইইএ আইন, নতুন আইন বলবত পিছতেই প্ৰথমটো গোচৰ ৰজু, ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰথমটো গোচৰ ৰজু এজন হকাৰৰ বিৰুদ্ধে

bsl

New criminal laws: Delhi records first FIR under New Penal code BNS Against a Street Vendor:

আজিৰে পৰা দেশত বলবৎ হ’ল তিনিখন নতুন ফৌজদাৰী কঠোৰ আইন। আই কেইখন হ’ল ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৷

আনহাতে নতুন আইন বলবৎ হোৱাৰ পিছতেই দেশত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰথমটো গোচৰ ৰুজু হয় এজন হকাৰৰ বিৰুদ্ধে ৷ পদপথত ব্যৱসায় কৰা হকাৰজনৰ বিৰুদ্ধে ৰজু কৰা হয় ২৮৫ ধাৰাত গোচৰ।

নতুন দিল্লী ৰে’লৱে ষ্টেচনত ধঁপাতজাতীয় সামগ্ৰী আৰু পানী বিক্ৰী কৰিবৰ বাবে পংকজ কুমাৰ নামৰ হকাৰজনে থেলাখন ৰাখিছিল ফুট অভাৰব্ৰিজত ৷ এই ক্ষেত্ৰত বাধাৰোপ কৰে আৰক্ষীয়ে ৷ কিন্ত আৰক্ষীৰ অনুৰোধকো আওকাণ কৰি ব্যৱসায় চলোৱাৰ অভিযোগত বিএনএছৰ ২৮৫ ধাৰাত গোচৰ ৰজু কৰে কমলা মাৰ্কেট থানাই।

উল্লেখ্য যে, নতুন ফৌজদাৰী আইন কাৰ্যকৰী হোৱাৰ লগে লগে ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধিৰ ঠাই লোৱা ভাৰতীয় ন্যায় সংহিতাৰ ২৮৫ ধাৰাৰ অধীনত প্ৰথমটো এফআইআৰ পঞ্জীয়ন কৰা হয়।

মনকৰিবলগীয়া যে,আজিৰ ( ১ জুলাই) ৰ পৰা দাখিল কৰা সকলো এফআইআৰ বিএনএছৰ অধীনত পঞ্জীভুক্ত হ’ব, আনহাতে ৩০ জুনলৈকে পঞ্জীয়ন হোৱা গোচৰ ভাৰতীয় দণ্ডবিধি (আইপিচি), ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা (চিআৰপিচি), আৰু ভাৰতীয় প্ৰমাণ আইনৰ অধীনত চলি থাকিব।

৩৫৮টা ধাৰাৰে বিএনএছে আইপিচিৰ অধীনত ৫১১টা ধাৰা হ্ৰাস কৰে, নতুন অপৰাধ প্ৰৱৰ্তন কৰে, কিছুমানৰ কাৰাদণ্ড বৃদ্ধি কৰে, জৰিমনা বৃদ্ধি কৰে, আৰু সামূহিক সেৱা প্ৰৱৰ্তন কৰে।

ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতাৰ (বিএনএছএছ) চিআৰপিচিৰ অধীনত ৪৮৪টা ধাৰা থকাৰ বিপৰীতে ৫৩১টা ধাৰা আছে, য’ত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে৷আনহাতে ভাৰতীয় সাক্ষ্য অধিনিয়ম (বিএছএ)য়ে ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত কেইবাটাও ধাৰা সংযোজন আৰু সংশোধন কৰিছে।

Exit mobile version