Jailed J&K MP Engineer Rashid Can Take Oath:কাৰাগাৰত বন্দী কাশ্মীৰৰ নেতা ইঞ্জিনিয়াৰ ৰাছিদক শপত গ্ৰহণৰ অনুমতি

RASHID

Jailed J&K MP Engineer Rashid Can Take Oath:

ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এনআইএ) ই কাৰাগাৰত বন্দী হৈ থকা কাশ্মীৰ নেতা শ্বেইখ আব্দুল ৰাছিদ ওৰফে ইঞ্জিনিয়াৰ ৰাছিদক অহা ২৫ জুলাইত সাংসদ হিচাপে শপত গ্ৰহণৰ বাবে অনুমতি দিলে।

ADVERTISEMENT

অতিৰিক্ত সত্ৰ ন্যায়াধীশ চন্দৰ জিত সিঙে এই সন্দৰ্ভত এক নির্দেশনা আনুষ্ঠানিকভাৱে জাৰি কৰিলে। বাৰামুলাৰ নিৰ্দলীয় সাংসদ ৰাছিদক জম্মু-কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপত বিত্তীয় পৃষ্ঠপোষকতা প্ৰদানৰ এক গোচৰত ২০১৭ত গ্ৰেপ্তাৰ কৰা হৈছিল।

এনআইএৰ অধিবক্তাই সদৰী কৰা অনুসৰি ৰাছিদক কিছু চর্ত সাপেক্ষে সাংসদ হিচাপে শপত গ্ৰহণৰ বাবে আদালতে অনুমতি দিলে।

Exit mobile version