Tractor loaded with people drowned in flood waters:মঙলদৈ বাঘপৰিত চাঞ্চল্য !

বাঢ়নি পানীত উটি গ'ল মানুহ ভৰ্তি ট্ৰেক্টৰ, ট্ৰেক্টৰত আছিল ২০-২৫ জন লোক, এছডিআৰএফ বাহিনীৰ অভিযান অব্যাহত 

mangaldoi

Tractor loaded with people drowned in flood waters:

ৰাজ্যত অব্যাহত থকা বলীয়া বানে সংহাৰী ৰূপ ধাৰণা কৰাৰ মাজতে মঙলদৈত আজি বিয়লি সংঘটিত হোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাঘপৰিত বাঢ়নী পানীত উটি যায় এখন মানুহভৰ্তি ট্ৰেক্টৰ উটি যায়। কে’বাদিনো ধৰি মঙলদৈ আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়িছে নৈ- উপনৈ সমূহ।

এই বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অধিকাংশ অংশ৷ যাৰফলত ৰাইজে আহযাহ কৰিবলৈ বাছি লৈছে ট্ৰেক্টৰ

মঙলবাৰে ২ নং স্লুপিং পানীৰ কোবাল সোঁতত হঠাতে উটি যায় এখন ট্ৰেক্টৰ। ট্ৰেক্টৰখনত আছিল প্ৰায় ২০/২৫ জন লোক। অৱশ্যে প্ৰায় সংখ্যকে সাতুৰি ওখ ঠাইত অৱস্থান কৰি নিজৰ প্ৰাণ বচাই ৷ স্থানীয় লোকে সন্দেহ কৰা মতে,ট্ৰেক্টৰখনৰ তলত কোনো লোক ৰৈ গৈছে ৷ এই ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে অভিযান ৷

Exit mobile version