Arrest warrant was issued against fugitive Malia on charges of fraud worth Rs 180 crore:পলাতক মালিয়াৰ বিৰুদ্ধে ১৮০ কোটি

টকাৰ জালিয়াতিৰ অভিযোগত জাৰি গ্ৰেপ্তাৰী পৰোৱানা

malia

Arrest warrant was issued against fugitive Malia on charges of fraud worth Rs 180 crore:

পলাতক ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে মুম্বাইন চিবিআই আদালতে জামিন অযোগ্য ধাৰাত গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিলে। ইন্ডিয়ান অভাৰছীজ বেংকৰ পৰা ১৮০ কোটি টকাৰ ঋণ লৈ পৰিশোধ নকৰাৰ অভিযোগত চিবিআয়ে মালিয়াৰ বিৰুদ্ধে এই পদক্ষেপ গ্রহণ কৰিলে।

উল্লেখ্য যে ভাৰতত কে’বাটাও বেংকৰ পৰা কে’বা হেজাৰ কোটি টকাৰ ঋণ লৈ পৰিশোধ নকৰাকৈ মালিয়াই বিদেশলৈ পলায়ন কৰিছিল। এটাৰ পাছত আন এটা বিত্তীয় কেলেংকাৰিৰ স’তে মালিয়াৰ নাম সাঙোৰ খাইছে। এইবাৰ মুম্বাইৰ চিবিআইৰ আদালতে মালিয়াৰ বিৰুদ্ধে গ্রেপ্তানী পৰোৱানা জাৰি কৰিলে। আদালতত চিবিআয়ে অভিযোগ কৰি কয় যে ইচ্ছাকৃতভাৱে চৰকাৰী বেংকৰ ঋণ পৰিশোধ কৰা নাছিল মালিয়াই।

Exit mobile version