MP Sushmita Deb meets Union Highways Minister Gadkari:বৰাকৰ বিকল্প পথৰ বাবে গাডকাৰীক সাক্ষাৎ সাংসদ সুস্মিতা দেৱৰ

susmita1

MP Sushmita Deb meets Union Highways Minister Gadkari:

ADVERTISEMENT

বৰাক উপত্যকাৰ লগতে দেশৰ বাকী অংশৰ যোগাযোগ ৰক্ষা কৰাৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিবলৈ সাংসদ সুস্মিতা দেৱে নতুন দিল্লীত সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীক

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য দেৱে মন্ত্ৰী গৰাকীৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰি অৱগত কৰে যে শিলচৰ সৌৰাষ্ট্ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাছেৰাৰ পৰা হাৰাঙাজাওৰ ৩১ কিলোমিটাৰ পথৰ মেৰামতৰ কাম সোনকালে সম্পূৰ্ণ কৰিব লাগে । সাংসদ দেৱে জোৱাই -বদৰপুৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ স্থায়ী মেৰামতিৰো দাবী জনায় ।

তেওঁ কয় যে দেশৰ বাকী অংশৰ লগত বৰাক উপত্যকা, মিজোৰাম আৰু ত্ৰিপুৰাৰ জীৱন ৰেখা হিচাপে চিহ্নিত এই ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ স্থায়ী মেৰামতৰ প্ৰয়োজন। একেদৰে বিকল্প পথ হিচাপে হাৰাঙাজাও- তুৰুক পথৰ নিৰ্মাণ কৰা উচিত বুলি তেওঁ স্মাৰক পত্ৰত উল্লেখ কৰে ।

Exit mobile version