8-year-old boy drowned in a sewer in Guwahati Jyotinagar:মুষলধাৰ বৰষুণৰ মাজতে মহানগৰীত শোকাৱহ ঘটনা

জ্যোতিনগৰত নলাত উটি গ'ল এটি ৮ বছৰীয়া শিশু, পিতৃৰ চকুৰ সন্মুখতে কৃত্ৰিম বানত উটি গ'ল আঠবছৰীয়া অবিনাশ চৰকাৰ

jyoti 1

8-year-old boy drowned in a sewer in Guwahati Jyotinagar:

কৃত্ৰিম বানৰ মাজত মহানগৰীত অঘটন ৷ জ্যোতিনগৰত সংঘটিত হয় শোকাৱহ ঘটনা ৷ পিতৃৰ চকুৰ সন্মুখতে কৃত্ৰিম বানত উটি গ’ল এটি আঠবছৰীয়া শিশু ৷

জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১০ মান বজাত পিতৃৰ স’তে স্কুটীৰে গৈ আছিল কণমাণী শিশুটি ৷ পানীৰ সোঁতৰ বাবে স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই পানীৰে পৰিপূৰ্ণ উন্মুক্ত নলাত পৰে ৷ মুহূৰ্ততে নলাত পৰি শিশুটি উটি যায় ৷ এই পৰ্যন্ত সন্ধান নাই শিশুটিৰ ৷

ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা দুৰ্ভগীয়া লোকজনে শিশুটিৰ সন্ধানত নিজেই অভিযান চলাই অভিযান ৷ আনহাতে উদ্থাপিত অভিযোগ অনুসৰি আজি পুৱা বহু পলমকৈহে ঘটনাস্থলীত উপস্থিত হয় চানমাৰি আৰক্ষী আৰু এছডিআৰএফ ৷ ২৪ ঘন্টা উকলি যোৱাৰ পিছতে কণমানিটোৰ সন্ধান উলিওৱাত ব্যৰ্থ প্ৰশাসনৰ ৷ জ্যোতি নগৰৰ কাণ্ডই উদঙালে স্মাৰ্ট মহানগৰীৰ নগ্ন ৰূপটো ৷ নলা- নৰ্দমা নিৰ্মাণৰ নামত জিএমচিয়ে মৰণফান্দত পৰিণত কৰিছে গুৱাহাটী ৷

Exit mobile version