Kaziranga National Park Flooded:কাজিৰঙাৰ মাজেৰে বাহন চলাচলক লৈ নতুন নির্দেশনা জাৰি প্ৰশাসনৰ

kaziranga 1

Kaziranga National Park flooded :

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে প্লাৱিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ এলেকা ৷ পানীৰ পৰা ৰক্ষা পাবলৈ বহু বন্যপানী উদ্যানখনৰ মাজেৰে যোৱা ৰাজপথ অতিক্ৰম কৰি ঢাপলি মেলিছে কাৰ্বি আংলং দিশে ৷

বন্য প্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য প্ৰশাসনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ কাজিৰঙাৰ মাজেৰে বাহন চলাচলক লৈ নতুন নির্দেশনা জাৰি কৰিছে ৷

সেই অনুসৰি বাণিজ্যিক ট্রাকসমূহক পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত নুমলীগড় তিনিআলিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ’ব ৷ একেদৰে পাণবাৰী, বোকাখাত আৰু বাগৰী সীমান্তৰ পৰা প্ৰৱেশ কৰা ট্ৰাকসমূহক পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ মন্থৰ গতিত প্ৰৱেশৰ অনুমতি দিয়া হ’ব ৷

আনহাতে,আবেলি চাৰি বজাৰ পৰা পুৱা আঠ বজালৈ কোনো বাণিজ্যিক ট্রাক প্ৰৱেশত বাধাৰোপ কৰা হৈছে ৷ ব্যক্তিগত আৰু বাণিজ্যিক যাত্রীবাহী বাহন সমূহক প্ৰশাসনে ইতিপূৰ্বে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনা অনুসৰি মন্থৰগতিত অতিক্ৰম কৰিব পাৰিব বুলি সদৰি কৰিছে ৷ ৷

Exit mobile version