Gas cylinder-like items recovered in Jonai:জোনাইত উদ্ধাৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী

৪ ফুট দৈৰ্ঘ্যৰ চিলিণ্ডাৰ, বেৰাচাপৰিত চিয়াং নদীৰ বুকুৰ পৰা উদ্ধাৰ, চীনা ভাষাত সামগ্ৰী বিধৰ ওপৰত লিপিবদ্ধ

cylindar

Gas cylinder-like items recovered in Jonai:

জোনাইত বিৰল আকৃতিৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী উদ্ধাৰ হয় আজি ৷ বেৰাচাপৰিত চিয়াং নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা হয় চাৰিফুট দৈঘ্যৰ দুটা চিলিণ্ডাৰ

পানীৰে উফন্দি থকা চিয়াং নৈৰ বুকুত গেছ চিলিণ্ডাৰ সদৃশ লোৰ সামগ্ৰী উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোক দুজনমানে লগে লগে চিলিণ্ডাৰ দুটা উদ্ধাৰ কৰে ৷ চীনা ভাষাত সামগ্ৰী বিধৰ ওপৰত লিপিবদ্ধ আছে লিখনি ৷ সন্দেহ কৰা মতে অৰুণাচল সীমান্তৱৰ্তী চীনৰ ফালৰ পৰা নৈ বুকুৰে উটি আহিছিল গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী দুটা ৷

ইতিমধ্যে,চিলিণ্ডাৰ দুটা চাবলৈ ৰাইজৰ যথেষ্ট ভিৰ হয় ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী দুটা নিজৰ জিন্মাত লৈছে ৷

Exit mobile version