Wild elephant killed in train collision:জাগীৰোড ভয়ংকৰ দুৰ্ঘটনা

ৰে'লৰ খুন্দাত প্ৰাণ গ'ল বন্যহস্তীৰ

ELEPHANT

Wild elephant killed in train collision:

বানৰ বাবে খাদ্য সংকটৰ সন্মুখীন হোৱা বন্যপ্ৰাণী এতিয়া বনাঞ্চলৰ পৰা ওলায় আহিছে জনাঞ্চললৈ ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলায় অহা এটা বন্যহস্তী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পুৱতি নিশা ৷

প্ৰাপ্ত খবৰ অনুসৰি, জাগীৰোডৰ টেঘেৰীয়াত দাঁতি কাষৰীয়া সোণাইকুছি বনাঞ্চলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তী ৰে’ল পথ অতিক্ৰম কৰোতেই উজনীমুৱা তীব্ৰবেগী ৰে’লৰ খুন্দাত নিহত হয় ৷ এই মৰ্মান্তিক ঘটনাত শোকস্তব্ধ হৈ পৰিছে টেঘেৰীয়া অঞ্চল ৷ স্থানীয় লোকে ফুল ছটিয়াই শ্ৰদ্ধাঞ্জলী জনায় গজৰাজক। ইতিমধ্যে বন বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহ সমাধিস্থ কৰাৰ যো-জা কৰিছে।

উল্লেখ্য যে,দিনক দিনে বৃদ্ধি পাইছে ৰে’লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু হোৱা ঘটনা ৷ ১৯৯০ ৰ পৰা ২০১৮ লৈকে ৰাজ্যৰ ৰে’ল পথত ৰে’লৰ খুন্দাতে নিহত হৈছে ১১৫টাকৈ হাতী।

Exit mobile version