Accused escaped from Tezpur Police Custody:
আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন হত্যাকাণ্ডৰে অভিযুক্ত এজন আচামী ৷ এই ঘটনাৰ স্থান তেজপুৰৰ গৰৈমাৰী। তেজপুৰ আৰক্ষীৰ জিন্মাত থকা মোহন বৰুৱা নামৰ আচামীজনক আজি স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ অনাৰ পিছত আৰক্ষীৰ চকুত ধূলি দি চিকিৎসালয়ৰ পৰা পলায়ন কৰে ৷
উল্লেখ্য যে, পলাতক মোহন বৰুৱা বান্দৰৰ্মাৰীৰ চাহ বাগিছাৰ এগৰাকী মহিলাক হত্যাকাণ্ড গোচৰত অভিযুক্ত আছিল ৷ ইতিমধ্যে আৰক্ষীয়ে পলাতক আচামীজনৰ সন্ধানত ব্যাপক অভিযান চলাইছে।
আৰক্ষীৰ জিন্মাৰ পৰা আচামী পলায়ন কৰা ঘটনাই আৰক্ষীৰ তথাকথিত নিৰাপত্তা ব্যৱস্থাৰ নগ্নৰূপটো পুনৰ উন্মোচিত কৰিলে তেজপুৰত।