Young Woman Victim of Guwahati Violence:হত্যা-আত্মহত্যা: ধাৰাবাহিকভাৱে মহানগৰীত হিংসাৰ বলি হৈছে যুৱতী

murder

Young Woman Victim of Guwahati Violence:

সমাজত দ্রুতহাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ। শেহতীয়াভাৱে কম বয়সীয়া যুৱতীক কেন্দ্ৰ কৰি এনে অপৰাধ বৃদ্ধি পোৱা দেখা গৈছে। হয় যুৱতীক আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য কৰা হৈছে নতুবা হত্যা কৰা হৈছে। এনে বহুকেইটা ঘটনা বিগত বর্ষসমূহত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত হৈ আহিছে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীত ৰহস্যজনক অৱস্থাত পুনৰ উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। ডাউন টাউনৰ ভাড়াঘৰৰ কোঠাত উদ্ধাৰ হোৱা দুলীয়াজানৰ বনস্মিতা বুঢ়াগোহাঁই নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত প্রথম অৱস্থাত এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালে অভিযোগ কৰিছে।

সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণৰত যুৱতীগৰাকীয়ে প্রেমজনিত কাৰণতে এনে অনাকাংক্ষিত মৃত্যুক আঁকোৱালি লোৱা বুলি সন্দেহ কৰা হৈছে। মহানগৰীত এনে বহু কেইটা ঘটনা বিগত সময়ছোৱাত সংঘটিত হৈছে। মডেলিং-সৌন্দর্য চৰ্চাৰ পাঠ্যক্ৰমৰ অধ্যয়ন কৰিবলৈ অহা ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ হেঙেৰাবাৰীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল।

একেদৰে বিগত ছেপ্টেম্বৰত বামুণীমৈদামত ছমহলীয়া অট্টালিকাৰ পৰা পৰি এগৰাকী যুৱতীয়ে ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল। ইয়াৰ উপৰি যুৱতী ইউটিউবাৰ প্ৰিয়লীনা নাথৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল। একেদৰে ৰূপনগৰত ৰেবিকা থাওডাম নামৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এনে বহু ঘটনা বিগত সময়ছোৱাত মহানগৰীত সংঘটিত হৈছে। ইয়াৰে কে’বাটাও ঘটনাক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছিল আৰু আন কে’বাটাও আছিল হত্যাৰ ঘটনা।

বিশেষকৈ যুৱতীৰ মাজত বৃদ্ধি হোৱা এনে ঘটনাপ্রবাহে সকলোকে চিন্তিত কৰি তুলিছে। তাৰ মাজতে এই অপৰাধ তথা ঘটনা ৰোধ কৰিবলৈ হ’লে সমাজত সজাগতাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে বিশিষ্ট নাৰী অধিকাৰ কৰ্মী সুমিত্রা হাজৰিকাই। উল্লেখ্য যে যুৱতী সমাজৰ মাজত এনেধৰণৰ ঘটনাই এক জটিল ৰূপ ধাৰণ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে যুৱ চামৰ মাজত আত্মহত্যাৰ প্ৰৱণতা, বিশেষকৈ যুৱতী আত্মহত্যাৰ ঘটনা ক্রমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। তীব্র মানসিক হেঁচা আৰু আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যোৱাৰ ফলত এনে ঘটনা বৃদ্ধি পোৱা বুলি শংকা ব্যক্ত কৰি হাজৰিকাই কয়, ‘আজিৰ সমাজত উপাৰ্জনৰ লক্ষ্যৰে তথা নিজৰ ভৰিত নিজে থিয় হোৱাৰ উদ্দেশ্যে এগৰাকী যুৱতী ওলাই আহে; কিন্তু গৰিষ্ঠ সংখ্যক যুৱতীকে বেয়া ব্যৱহাৰ কৰা হয়, বিভিন্ন ক্ষেত্ৰত এৰাই চলা হয় আৰু কেতিয়াবা তেওঁলোক হত্যাৰো বলি হয়।

তেনে ধৰণৰ বহু কেইটা ঘটনা শেহতীয়াকৈ গুৱাহাটীতে সংঘটিত হৈছে। যিসমূহ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে এইবিলাক অতি ভয়ংকৰ আৰু বিপজ্জনক। এই বিলাক ঘটনাৰ এটাৰ পাছত আনটো এনেকৈ সংঘটিত হ’বলৈ ধৰিছে, যিটো সমাজখনৰ কাৰণে অতি ভয়াবহ।’ যুৱতীক হত্যা কৰি পথত পেলাই থৈ যোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে ছয়মাইলত এগৰাকী যুৱতীক হত্যা কৰি পেলাই থৈ গৈছিল; কিন্তু আজিলৈকে কোনো শুংসূত্র নোলাল।

এইধৰণে যদি যুৱতীক হত্যা কৰা হয়, সেয়া প্রেমেই হওক বা ঘৰুৱা হিংসা এই ঘটনাসমূহ ৰোধ কৰিবলৈ হ’লে কাউন্সিলিঙৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত পৰিয়াল আৰু আৰক্ষীয়ে মুখ্য ভূমিকা পালন কৰিব লাগিব বুলি হাজৰিকাই মন্তব্য কৰি কয়, ‘এগৰাকী যুৱতী যেতিয়া ভাড়াঘৰ বা পেয়িং গেষ্টত থাকে, ইয়াৰ তথ্য ৰাখিব লাগে। পৰিয়ালসমূহ সচেতন হ’ব লাগে যে ছোৱালীজনীয়ে কি কৰিছে।

পৰিয়াল সজাগ হ’ব লাগিব আৰু সমান্তৰালভাৱে আৰক্ষীয়েও এনে দিশসমূহত গুৰুত্ব দিব লাগিব। লগতে আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যাব নোৱাৰিব, যাতে দ্বিতীয়জনে এনে ঘটনা সংঘটিত কৰিবলৈ হ’লে এশবাৰ চিন্তা কৰিবলগীয়া হয়।’ একেদৰে যিসকল যুৱতী ব্যৱসায়-বাণিজ্যৰ স’তে জড়িত তেওঁলোকক লৈ বিভিন্ন ধৰণৰ কথা আলোচনা হয়, পোছাকক লৈ প্রশ্ন কৰা হয় বুলি হাজৰিকাই মন্তব্য কৰি কয় যে আজি যিমান সংখ্যক যুৱতী ধর্ষণ-হত্যাৰ বলি হৈছে, তাত সাজ-পোছাকৰ কথা নাই।

গুৱাহাটীমহানগৰীতে ২০০২ত কণমানি বর্ণালী দেৱক ধৰ্ষণ কৰি হত্যা কৰি টেংকিত পেলাই দিছিল। এই ঘটনাত উচ্চতম ন্যায়ালয়ে ৰায় দিলে অপৰাধীৰ কঠোৰ শাস্তি হ’ব লাগে, কিন্তু অপৰাধী কিশোৰ হোৱা কাৰণে সাৰি গ’ল। আইনৰ সুৰুঙাৰে অপৰাধী বাছি যোৱাৰ ফলতো এনে ঘটনা বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰি পুনৰ কয়, ‘অসমীয়া সমাজৰ পৰা লাহে লাহে মানবীয় প্রমূল্যবোধ হ্রাস পাইছে। এজনৰ আনজনৰ প্ৰতি যি সহমর্মিতা আৰু আন্তৰিকতা থাকিব লাগে, সেয়া নাইকিয়া হৈছে।

গুৰু-শিষ্য, ভ্রাতৃ-ভগ্নী, বন্ধু আদিৰ মাজৰ যি মধুৰ সম্পর্ক সেয়া ক্রমান্বয়ে হ্রাস পাবলৈ ধৰিছে। কাকো বিশ্বাসত ল’ব নোৱৰা এক পৰিৱেশৰ সূচনা হৈছে। চুবুৰীয়া ছোৱালী এজনীক যদি কোনোবাই হত্যা কৰিছে বা আন কিবা হৈছে আজিৰ দিনত খবৰ
লওঁতা মানুহ নাই। সেয়ে নিজৰ লগতে পৰিয়াল সজাগ হোৱাৰ প্ৰয়োজন। লগতে এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাও যথেষ্ট আছে।

ইজনে আনজনক সম্মান নকৰা হৈছে, নাৰীৰ প্ৰতি সম্মান হ্রাস পাইছে। প্রেম প্রত্যাখ্যান কৰাৰ বাবেই ছোৱালী এজনীক হত্যা কৰা হৈছে। সেয়ে মই ভাবো এনে পৰিৱেশ প্রতিৰোধ কৰিবলৈ হ’লে সমাজৰ অভিভাৱকস্বৰূপ আৰক্ষী কঠোৰ হোৱাৰ লগতে এই ক্ষেত্রত কাউন্সিলিঙৰ ব্যৱস্থা গ্রহণ কৰিব লাগে।’

Exit mobile version