228 kg of gold went missing from Delhi Kedarnath:কেডাৰনাথৰ পৰা সন্ধানহীন হ’ল ২২৮কিলোগ্ৰাম সোণ অভিযোগ অভিমুক্তেশ্বৰানন্দ সৰস্বতী

saraswati

228 kg of gold went missing from Delhi Kedarnath:

দিল্লীৰ বুৰাড়িত কেদাৰনাথ মন্দিৰ নির্মাণক লৈ দেশৰ বিভিন্ন অঞ্চলত বিৰোধিতা প্ৰদৰ্শনৰ সময়তে শংকৰাচাৰ্য স্বামী অভিমুক্তেস্বৰানন্দে এক গুৰুতৰ অভিযোগ আনিলে। শংকৰাচাৰ্যই অভিযোগ কৰি ক’লে, ‘কেদাৰনাথত সোণৰ কেলেংকাৰি হ’ল। এই বিষয়টো কিয় উত্থাপন হোৱা নাই। তাত কেলেংকাৰি হোৱাৰ পাছত এতিয়া দিল্লীত কেদাৰনাথ মন্দিৰ নিৰ্মাণ কৰা হ’ব। অর্থাৎ পুনৰ এটা কেলেংকাৰি কৰা হ’ব।’

অভিমুক্তেস্বৰানন্দই লগতে অভিযোগ কৰি কয় যে কেদাৰনাথ মন্দিৰৰ পৰা ইতিমধ্যে ২২৮ কিলোগ্রাম সোণ সন্ধানহীন হ’ল। মন্দিৰৰ পৰা এই সোণ কোনে চুৰি কৰিলে সেই বিষয়ত আজিলৈকে কোনো তদন্ত কৰা নহ’ল বুলি শংকৰাচাৰ্যই অভিযোগ কৰে। ইয়াৰ বাবে কোন দায়ী বুলি প্রশ্ন কৰি তেওঁ কয় যে কেদাৰনাথত এনে ভয়াৱহ কেলেংকাৰি সংঘটিত কৰি এতিয়া দিল্লীত কেদাৰনাথ মন্দিৰ নিৰ্মাণ কৰাটো কেতিয়াও গ্রহণযোগ্য নহয়।

Exit mobile version