4 Top Leaders Quit Ajit Pawar’s Party In Major Setback After Poll Drubbing: এনচিপি অজিত পাৱাৰ গোটত বিভাজন

অজিত পাৱাৰ গোটৰ ৪ গৰাকী নেতাৰ পদত্যাগ, চলিত সপ্তাহতে এন চি পি শাৰদ পাৱাৰ গোটত যোগদানৰ সম্ভাৱনা

sarad power

4 Top Leaders Quit Ajit Pawar’s Party In Major Setback After Poll Drubbing:

মহাৰাষ্ট্ৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাগ মুহূৰ্তত ৰাজ্য খনৰ ৰাজনীতিত নতুন মোৰ ৷ এন চি পি অজিত পাৱাৰ গোটৰ চাৰি গৰাকী শীৰ্ষ নেতাই দলত্যাগ কৰে ৷ সকলো ঠিকে থাকে থাকিলে চলিত সপ্তাহৰ শেষৰ ফালে শৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি দলত যোগদান কৰাৰ সম্ভাৱনা আছে।

এন চিপি অজিত পাৱাৰ গোটৰ পৰা পদত্যাগ কৰা সকলৰ ভিতৰত এন চি পিৰ পিম্পৰী-চিঞ্চৱাড ইউনিটৰ মুৰব্বী অজিত গাভান, পিম্পৰী চিঞ্চৱাড ছাত্ৰ শাখাৰ মুৰব্বী যশ ছানে, আৰু প্ৰাক্তন কৰ্পৰেটৰ ৰাহুল ভোছালে আৰু পংকজ ভালেকাৰ।

আনহাতে,অজিত পাৱাৰ শিবিৰৰ একাংশ নেতাই অচিৰেই শাৰদ পাৱাৰৰ গোটলৈ ঘূৰি আহিবলৈ ইচ্ছুক বুলি চৰ্চা চলি থকাৰ সময়তে এই পদত্যাগ দাখিল কৰিছে নেতা কেইগৰাকীয়ে ।

মনকৰিবলগীয়া যে, মহাৰাষ্ট্ৰ ৰাজনীতিৰ বৰ্ষীয়ান ৰাজনীতিক শাৰদ পাৱাৰে যোৱা মাহত কৈছিল যে যিসকলে তেওঁৰ দলটোক “দুৰ্বল” কৰিব বিচাৰে তেওঁলোকক গ্ৰহণ কৰা নহ’ব, কিন্তু তেওঁ এনে নেতাক গ্ৰহণ কৰিব যিয়ে দলৰ ভাবমূৰ্তিক “আঘাত” নিদিয়ে।

উল্লেখ্য যে ,২০২৩ ত অজিত পাৱাৰে খুড়াক তথা আৰু এন চি পিৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ পিছত পাৱাৰ পৰিয়াল দুটা ৰাজনৈতিক দলত বিভক্ত হয়। শাৰদ পাৱাৰ বিৰোধী শিবিৰত থকাৰ সূত্ৰে অজিত পাৱাৰে মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত মহাজোঁট চৰকাৰত যোগদান কৰি পুৰস্কাৰ লাভ কৰে উপ-মুখ্যমন্ত্ৰীৰ পদ।

আনহাতে,অজিত পাৱাৰৰ এন চি পিয়ে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশ হিচাপে প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছিল যদিও মাত্ৰ এখন আসনতে সীমাবদ্ধ থকাৰ বিপৰীতে শাৰদ পাৱাৰ এন চি পি গোটে লাভ কৰে আঠখন আসন । আনকি লোকসভা নিৰ্বাচনত অজিত পাৱাৰৰ পত্নী পৰাভূত হয় শাৰদ পাৱাৰৰ জীয়ৰীৰ হাতত।

Exit mobile version