GMCH:বানৰ পাছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ সংক্ৰমণ

এক এপ্ৰিলৰ পৰা জিএমচিএইছত ভৰ্তি ২২গৰাকী ৰোগী

japanee

GMCH:

ৰাজ্যত বানৰ পাছত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ ৷ উজনি আৰু মধ্য অসমত এনকেফেলাইটিছত ইতিমধ্যে আক্ৰান্ত হৈছে বহু সংখ্যক ৰোগী ৷

আনহাতে,এক এপ্ৰিলৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছে ২২ জনকৈ ৰোগী ৷ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বুধবাৰে এটি শিশুৰ মৃত্যু হোৱাৰ পাছত আজি আৰু এটি ১২ বছৰীয়া শিশুৰ মৃত্যু হয় ৷ মৃত শিশুটি মৰিগাঁও জিলাৰ আমচৈৰ মাধুৰ্য্য মনোৱাৰ ৷

ইপিনে,জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ হৈছে গোলাঘাটটো ৷ জিলা খনত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা এইপৰ্যন্ত আক্ৰান্ত হৈছে ৫৮গৰাকী লোক ৷ দেৰগাৱঁত মঙলবাৰে এনকেফেলাইটিছত মৃত্যু হৈছে জনপ্ৰিয় সংগীত শিল্পী এজন । ইতিমধ্যে স্বাস্থ্য বিভাগে সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অঞ্চলবাসীক আহ্বান জনাইছে ৷

আনহাতে,জিএমচিএইছৰ অধীক্ষক অধীক্ষক অভিজিৎ শৰ্মাই জানিব দিয়ে যে,বৰ্তমান জিএমচিএইছত ভৰ্তি হৈ থকা পাঁচজন ৰোগীৰ দুজনৰ অৱস্থা সংকটজনক হোৱাৰ বিপৰীতে বুধবাৰ আৰু আজি মৃত্যু হৈছে দুটি শিশু ৷ চিকিৎসাধীন ৰোগী সকলক অহৰহ চিকিৎসা চলাই আছে বিশেষজ্ঞ চিকিৎসক দল এটাই।

Exit mobile version