Leaders and workers join BJP:ডেৰ সহস্ৰাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান

dipak rabha

 Leaders and workers join BJP:

ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱনত” সভাপতি ভবেশ কলিতাৰ উপস্থিতিত আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা, ছেমখৰ পৰিষদীয় সমষ্টিৰ MAC হেৰজিৎ জিদুং , বিৰাজ ফুকন, প্ৰহ্লাদ ৰাভা, প্ৰবীণ ৰাভা, অৰ্জুন ৰাভা, হিৰন্ময় ৰাভা, মৃগাংক মন্ত্ৰা, উদ্ধৱ ৰাভা, দিতুল কান্তি ৰাভা প্ৰমুখ্যে প্ৰায় ডেৰ সহস্ৰাধিক লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

ADVERTISEMENT

নৱাগত সকলক দলৰ মজিয়ালৈ আদৰণি জনাই কলিতাই কয় যে আজি যোগদানে বিজেপিৰ সাংগঠনিক ভেঁটি আৰু অধিক শক্তিশালী কৰি তুলিব। আজিৰ অনুষ্ঠানত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত হৈ আছিল।

Exit mobile version