helth camp 1

Free eye treatment camp in Ghagrapar Allia:

নলবাৰী জিলা অন্ধতা নিয়ন্ত্ৰন সমিতিৰ উদ্যোগত ঘগ্ৰাপাৰৰ আল্লিয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি চকু ৰোগৰ বিশেষ সজাগতা সভা আৰু চানি পৰা ৰোগৰ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শিবিৰটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে নলবাৰী মেডিকেল কলেজৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে।

সভাত অন্ধতা নিয়ন্ত্ৰন সমিতিৰ আঁচনি বিষয়া তথা বিশিষ্ট চকু চিকিৎসক ডাঃ অৰুণ বৰ্মনে সকলো চানি পৰা ৰোগীক পৰ্যায়ক্ৰমে বিনামুলীয়াকৈ অস্ত্ৰোপচাৰ কৰিব বুলি কয়।

সভাখনত নলবাৰী মেডিকেল কলেজৰ চকু বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ শেৱালী দাস, ঘগ্ৰাপাৰ প্রাথমিক স্বাস্থ্য কেন্দ্রৰ মহকুমা স্বাস্থ‍্য বিষয়া ডাঃ সুৰেন মজুমদাৰ,নলবাৰী মেডিকেল কলেজৰ চকু চিকিৎসক ডাঃ অমৰজোতি মালাকৰ, ডাঃ গবিন্দ দাস, আল্লিয়া ক্ষুদ্ৰ প্রাথমিক চিকিৎসালয়ৰ ডাঃ বিকাশ কলিতা,নেত্ৰ সহায়ক,হিমাশ্ৰী দাস, দিগন্ত ডেকা,লতিফ আহমেদ আৰু কৃষ্ণ কাকতিয়ে সেৱা আগবঢ়াই l

শিবিৰত ১২৯ গৰাকী ৰোগীৰ চকু পৰীক্ষা কৰাৰ লগতে ২৪ জন ৰোগীৰ চকুত চানি পৰা ৰোগ চিনাক্ত কৰে আৰু ৰোগী সকলক বিনামুলীয়াকৈ ঔষধ প্ৰদান কৰা হয়।

Exit mobile version