Complete shutdown in Bangladesh as Violent Protests: সংৰক্ষণ আন্দোলনত ৰক্তস্নাত বাংলাদেশত পুনৰ তিনি শিক্ষার্থী নিহত

নিহতৰ সংখ্যা বৃদ্ধি পালে ৩২ জনলৈ, ভাৰতীয় নাগৰিকক বাংলাদেশ ভ্ৰমণ নকৰিবলৈ আহ্বান বিদেশ মন্ত্ৰণালয়ৰ

bangladesh 1

Complete shutdown in Bangladesh as Violent Protests:

চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে বাংলাদেশত ব্যাপক ছাত্র আন্দোলন অব্যাহত আছে। এই আন্দোলনৰ ফলত আজি ৰাজধানী ঢাকা এক প্ৰকাৰ বন্ধ হৈ পৰে। ইয়াৰ মাজতে ঢাকাৰ উত্তৰ অঞ্চলত আৰক্ষীৰ গুলিত দুজন নর্দান বিশ্ববিদ্যালয়ৰ শিক্ষার্থী নিহত হ’ল। ইফালে, যাত্ৰাবাৰী ফ্লাইঅভাৰত যোৱা নিশা আৰক্ষীৰ গুলিত প্রাণ হেৰুৱালে আন এজন শিক্ষার্থীয়ে। চৰকাৰী চাকৰিত মুক্তিযোদ্ধা শ্ৰেণীৰ বাবে পদ সংৰক্ষণ বাতিলৰ দাবীৰে বাংলাদেশত যুৱ প্ৰজন্মই আন্দোলন অব্যাহত ৰাখিছে।

ইতিমধ্যে এই আন্দোলনত দেশখনৰ হেজাৰহেজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছে। আন্দোলনকাৰীক দমনৰ বাবে নিৰাপত্তা বাহিনীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰাত উভয় পক্ষৰ সংঘৰ্ষৰ সৃষ্টি হৈছে। এনে সংঘর্ষত বর্তমানলৈকে কমেও ৩২ জন আন্দোলনকাৰীৰ মৃত্যু হ’ল।

ইতিমধ্যে অনির্দিষ্ট কালৰ বাবে দেশখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। আনহাতে আতংকত ছাত্রবাস ত্যাগ কৰিছে শিক্ষার্থীসকলে। বাংলাদেশৰ প্রধানমন্ত্রী শেখ হাছিনাই প্রতিবাদকাৰীসকলক শান্তি ৰক্ষা কৰিবলৈ আহ্বান জনাই কয় যে আন্দোলনকাৰীসকলে এই বিষয়ত ন্যায়ালয়ৰ ৰায়লৈ অপেক্ষা কৰা উচিত।

আনহাতে, ভাৰতীয় নাগৰিকক সদ্যহতে বাংলাদেশ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে ৷ একেদৰে দেশখনত থকা ভাৰতীয় নাগৰিকক নিৰাপত্তাজনিত কাৰণত বাহিৰলৈ নাযাবলৈ অনুৰোধ জনাইছে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে

Exit mobile version