Microsoft Servers are in Trouble :মাইক্ৰ’ছফটৰ ছাৰ্ভাৰত বিসংগতিক লৈ হাহাকাৰ

সমগ্ৰ বিশ্বজুৰি হঠাতে নীলা হৈ পৰিল কম্পিউটাৰৰ স্ক্ৰীণ, বিমান বন্দৰৰ চেক ইন, অন্যান্য কামত হৈছে লেহেমীয়া

microsoft 1

Microsoft  Servers are in Trouble:

মাইক্ৰ’ছফটৰ ছাৰ্ভাৰত বিসংগতিক লৈ বিশ্বজুৰি একে সময়তে কম্পিউটাৰ ব্যৱস্থাত জটিল সমস্যাৰ সৃষ্টি হয় । হঠাতে নীলা হৈ পৰিল কম্পিউটাৰৰ স্ক্ৰীণ।
আনহাতে ,মাইক্ৰ’ছফ্টৰ ক্লাউড কম্পিউটিং প্লেটফৰ্মৰ বিসংগতিয়ে বিমান পৰিবহণটো ব্যাপক প্ৰভাৱ পৰে। মাইক্ৰ’ছফ্টৰ উইণ্ড’জ ব্যৱস্থাত এই গুৰুতৰ বিসংগতিৰ ফলত বিমানসেৱাৰ লগতে ৰে’ল আৰু বেংকিং সেৱাত অচলাৱস্থা সৃষ্টি হয়।বিমান বন্দৰৰ চেক ইন আৰু অন্যান্য কাম হৈছে লেহেমীয়া হোৱাত বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে যাত্রীয়ে ৷

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমান কৰ্তৃপক্ষই ইতিমধ্যে কম্পিউটাৰাইজড টিকটৰ পৰিৱৰ্তে মেনুৱেল বিমান টিকটৰ ব্যৱস্থা কৰা হৈছে বুলি বিমান পৰিৱহন সেৱাসমূহে এক্স হেণ্ডেলত প্ৰকাশ কৰিছে ৷

গুৱাহাটী বিমান বন্দৰটো টিকট বুকিঙত অসুবিধা সন্মুখীন হয় ৷ এয়াৰ ইণ্ডিয়া,আকাশা, ইণ্ডিগ’, বিমান উৰণত পলম হোৱাৰ সমান্তৰালভাৱে হায়দৰাবাদৰ পৰা আহিবলগীয়া ২৩খন বিমান ইতিমধ্যে কৰা হৈছে বাতিল ৷

আনহাতে মহানগৰীৰ বিলাসী হোটেল ভিভান্টাৰ পৰা মেইল নোযোৱাত স্থবিৰ হৈ পৰিছে বিভাগীয় কামকাজ ৷ উল্লেখ্য যে,মাইক্ৰ’ছফটৰ উইণ্ডোছ,টীম,ষ্টোৰ,Azure ,ক্লাউড-পাৱাৰ্ড সেৱা বিকল হোৱাৰ লগতে ,মাইক্ৰ’ছফটৰ আন বহু এপ ব্যাহত হোৱাত বিশ্বজুৰি সকলো অফিচিয়েলি কামকাজ ব্যাহত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

Exit mobile version