Massive Student Protest Over Job Quota Grips Bangladesh:
➡️বাংলাদেশত মুক্তিযোদ্ধা কোটাত সংৰক্ষণ বাতিলৰ দাবীৰে ব্যাপক আন্দোলন অব্যাহত
➡️আন্দোলন ক্ৰমাৎ বিক্ষিপ্ত ৰূপ ধাৰণ ৷
➡️বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ আতংকিত উ:পূ : শিক্ষাৰ্থী ৷
➡️বাংলাদেশৰ এৰি স্বদেশমুখী ভাৰতীয় শিক্ষাৰ্থী ৷
➡️ভাৰত ,নেপাল আৰু ভূটানৰ শিক্ষাৰ্থী উভতাৰ অনাৰ বিশেষ উদ্যোগ মেঘালয় মুখ্যমন্ত্ৰীৰ ৷
➡️বাংলাদেশত আবদ্ধ মেঘালয়ৰ ৮০ শিক্ষাৰ্থীক উদ্ধাৰ মেঘালয় চৰকাৰৰ।
➡️মেঘালয়- বাংলাদেশ সীমান্তৰ ডাউকী হৈ মেঘালয়ত উপস্থিত ৪০৫ শিক্ষাৰ্থী ৷
➡️উভতি অহা অধিকাংশই মেডিকেল পাঠ্যক্ৰমৰ শিক্ষাৰ্থী ৷
➡️আন আন ভাৰতীয় শিক্ষাৰ্থীক ডাউকীৰে অনাৰ বাবে বাংলাদেশস্থ ভাৰতীয় দূতাবাসৰে যোগাযোগ চিএম কনৰ্ৰাড চাংমাৰ ৷
➡️বাংলাদেশৰ পৰা সুতাৰকান্দি লেণ্ডপৰ্টৰে কৰিমগঞ্জত যোৱা দুদিনত উপস্থিত ৪১ শিক্ষাৰ্থী
➡️বাংলাদেশৰ ছাত্ৰ আন্দোলনত আজি পৰ্যন্ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সংখ্যা বৃদ্ধি পালে ১০৫ জনলৈ ৷
➡️চিকিৎসালয়ত চিকিৎসাধীন শতাধিকৰো অধিক লোক ৷
➡️ৰাজধানী চহৰ ঢাকা,ছত্ৰগ্ৰাম,ৰংপুৰ সহ আন চহৰলৈ সম্প্ৰসাৰিত হৈছে হিংসাত্মক কাৰ্যকলাপ ৷
➡️বাংলাদেশৰ টিভি ভৱনত অগ্নিকাণ্ডৰ পাছৰে বন্ধ সম্প্ৰচাৰ ৷
➡️পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত বলবৎ সান্ধ্য আইন ,ইন্টাৰনেট কৰ্তন ৷
➡️প্ৰতিবাদীক কঠোৰ হাতেৰে দমন কৰিবলৈ তৎপৰ নিৰাপত্তাৰক্ষী ৷
➡️হিংসাত্মক কাৰ্যকলাপ ৰুধিবলৈ যুদ্ধংদেহি ৰূপত বাংলাদেশৰ সেনা ৷
➡️সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা বাংলা চৰকাৰৰ ৷
➡️দেশৰ সকলো কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী হোষ্টেল এৰিবলৈ নিৰ্দেশ চৰকাৰৰ ৷
➡️প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আন্দোলনকাৰী ছাত্ৰলৈ আহ্বান ৷
➡️আলোচনা কৰি সমস্যা সমাধান কৰা হ’ব ৷