Indian Meat Science Association:ভাৰতীয় মাংস বিজ্ঞান সংস্থাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰলৈ ড° মিনেশ্বৰ হাজৰিকাক আমন্ত্ৰণ

aau

Indian Meat Science Association

ছেপ্তেম্বৰ মাহৰ ২৬ৰ পৰা ২৮লৈ ভাৰতীয় মাংস বিজ্ঞান সংস্থাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ টেকনিকেল শাখাত সভাপতিত্ব কৰিবৰ বাবে খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু বিজ্ঞানী ড° মিনেশ্বৰ হাজৰিকাক আমন্ত্ৰণ জনাইছে ৷

উত্তৰ প্ৰদেশৰ মথুৰাত অৱস্থিত দীনদয়াল উপাধ্যায় পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব লগা এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰত ‘ Green and Sustainable Meat Sector : Global Game Changer’ শীৰ্ষক আলোচনা চক্ৰৰ সভাপতিত্ব কৰিব ড° হাজৰিকাই ৷ ২০২২ চনত ড° হাজৰিকাক বিশেষ অৱদানৰ বাবে এই সংস্থাই জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰিছে ৷

উল্লেখযোগ্য যে পশু চিকিৎসা বিজ্ঞানৰ অধ্যাপনা আৰু গৱেষণাৰ উপৰিও ড° হাজৰিকাই নিজকে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত কৰি আহিছে ৷ ইয়াৰ ভিতৰত চচল শতদল শাখা সাহিত্য সভা, বৃহত্তৰ চচল জেষ্ঠ নাগৰিক সন্মিলন, ওপৰ চছল বিহু সন্মিলন, সামাজিক সংগঠন সুৰক্ষা আৰু লোকতীৰ্থ দাতব্য ন্যাসৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আহিছে ৷

Exit mobile version