Ghograpar:ঘগ্ৰাপাৰৰ-থানপাতকুছি সঠাজান মুকলি কৰিবলৈ ওলাই আহিল ৰাইজ

ভৰ বাৰিষা মৰণত শৰণ দি সমস্যা সমাধানৰ বাবে থানপাতকুছি সঠাজানত নামিল কৃষকসমাজ, থানপাতকুছি সঠাজানৰ পানী আবদ্ধ হৈ প্ৰায় ৩০ খন গাওঁৰ কৃষিভূমি পানীৰ তলত, মুৰে কপালে হাত দিব লগীয়া হৈছে কৃষক ৰাইজ

ghagrapar 1

Ghograpar:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত থানপাতকুছি সঠাজানত ধুৰকুছিৰ ভগ্ন কাঠৰ দলং খন পৰি থকাৰ বাবে আৰু আমৰা শিৱ মন্দিৰ নোনা মথাউৰি পথত থকা সৰু কালভাৰ্টৰ বাবে বৃহত্তৰ দক্ষিণ ঘগ্ৰাপাৰৰ প্ৰায় ৩০ খনৰো অধিক গাওঁ পানীত উপচি পৰাৰ লগতে কৃষক ৰাইজক ক্ষতিগ্ৰস্ত কৰিছে।

লক্ষণীয় যে ধুৰকুছি দলঙৰ তলত পুৰণি কাঠৰ দলঙ খন বিভাগে উঠাই নিদিয়াৰ বাবে জানটোৰ পানী ওলাই যোৱাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে । যানটোৰ ঠায়ে -ঠায়ে বাহ আৰু প্ৰকাণ্ড গছ উভালি পৰি পানী আবদ্ধ হৈছে। আনফালে ধুৰকুছি দলঙৰ কাষত গড়াখহনীয়াৰো সৃষ্টি হৈছে।

কৃষক ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মৰণত শৰণ দি আজি দলে বলে জান মুকলি কৰিবলৈ ওলাই আহিল কেবাগৰাকীও লোক। থানপাতকুছি সঠাজানটো কিছু মুকলি কৰিলে যদিও সম্পুৰ্ণ মুকলি কৰিবলৈ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক আবেদন ভুক্তভোগী ৰাইজৰ।

Exit mobile version