Dhing Rape Case:ধিঙত স্প্ৰে গেঙৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ

৬২বয়সীয়া মহিলাক স্প্ৰে কৰি অচেতন অৱস্থাত ডকাইতি লুটি নিছিল সোনৰ আ- অলংকাৰ, অচেতন অৱস্থাত বৃদ্ধা মহিলা গৰাকীক কৰিছিল দলবদ্ধ বল্যাৎকাৰ

dhing thana

Dhing Rape Case:

বিগত তিনিমাহ ধৰি নগাঁও জিলাৰ ধিঙত স্প্ৰে গেঙে ডকাইতি,লুটপাত আৰু ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত কৰি আহিছিল ৷ শেহতীয়াকৈ বুধবাৰে নিশা এগৰাকী ৬২উৰ্ধৰ বিধৱা মহিলা এগৰাকীৰ বাসগৃহত স্প্ৰে গেঙে স্প্ৰে কৰি অচেতন কৰে মহিলা গৰাকীক ৷ পিছত ঘৰৰ সকলো আচবাব আৰু সোনৰ আ- অলংকাৰ লুট কৰি নিয়াৰ পূৰ্বে ডকাইতৰ দলটোৱে মহিলা গৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি মুমৰ্ষ অৱস্থাত পেলাই উধাও হয় ৷

পিছত স্থানীয় লোকে সংকটজনক অৱস্থাত নগাঁও চিভিল হাস্পতালত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে ভুক্তভোগী মহিলা গৰাকীয়ে ধিং থানাত তেওঁৰ ঘৰত হোৱা লুটপাত আৰু ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা বুলি এজাহাৰ দিব বিচাৰিছিল যদিও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক এজাহাৰ লোলোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

আনহাতে এই জঘন্য ঘটনাক লৈ সৰব হৈ পৰে ধিং ছাত্ৰ সন্থা ৷ সন্থা শতাধিক কৰ্মীয়ে ৰাজপথ অৱৰোধ কৰি এই ঘটনাৰ অভিযুক্তৰ কৰায়ত্ত দাবীৰ লগতে ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বনৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ আছুৰ অভিযোগ,স্প্রে গেঙৰ সন্ত্রাস ৰোধ কৰাত ব্যৰ্থ আৰক্ষী৷ বিগত তিনিমাহ ধৰি অঞ্চলটোত সন্ত্রাস স্প্রে’ গেঙৰ কেইবাগৰাকী মহিলা, যুৱতীক দলবদ্ধ ধর্ষণ ডকাইতৰ৷ আনকি ধিং আৰক্ষীক গোচৰ দিবলৈ গ’লে উভতাই পঠিয়াই ভুক্তভোগী মহিলাক ৷

বিগত কে’বা মাহ দিন ধৰি সংখ্যালঘু অধ্যুষিত এই অঞ্চলত থকা অসমীয়া গাঁও সমূহত নিশা হ’লেই স্প্ৰেং গেঙে ডকাইত কাণ্ডৰে সন্ত্ৰাস চলাই আহিছিল যদিও ধিং আৰক্ষীয়ে লোৱা নাছিল কোনো সময়োচিত ব্যৱস্থা ৷ দালালিৰ অন্যতম অভিকেন্দ্ৰ ধিং থানা বুলি গুৰুতৰ অভিযোগ আছুৰ ক্ষুব্ধকৰ্মীৰ।

আনহাতে ধিঙত সংঘটিত এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত আজি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তুষাৰ ৰঞ্জন বৰাক বদলি কৰাৰ লগতে থানাৰ এএছআই গিয়াছুদ্দিনক ৰিজার্ভ ক্ল’জ কৰে জিলা আৰক্ষী অধীক্ষকে ৷

আনহাতে শীৰ্ষ আৰক্ষীৰ কঠোৰস্থিতিৰ পিছতে ধিং আৰক্ষী তৎপৰ হৈ যোৱা নিশা অভিযান চলাই স্প্ৰে গেঙৰ মাষ্টাৰ মাইণ্ড মুকছিদুল ইছলাম সহ আন তিনি অপৰাধী ইজাদুল হক,আব্দুল কাছেম আৰু আব্দুল কালামক গ্ৰেপ্তাৰ কৰে ৷ আন দুই ডকাইত ছহিদুল ইছলাম আৰু জহিদুল ইছলাম পলাতক অৱস্থাত আছে ৷ দুই ডকাইতৰ সন্ধানত আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তুলিছে ৷

Exit mobile version