New Bangaigaon Station:নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত জি আৰ পি ৰ বৃহৎ সফলতা

জব্দ প্ৰায় ২৮০ বস্তুা সন্দেহজনক বাৰ্মিজ চুপাৰী

supari seized

New Bangaigaon Station:

চুপাৰী সৰবৰাহ কৰাৰ বাবে ভাৰতীয় ৰে’ল হৈ পৰিছে চুপাৰী চিণ্ডিকেটকাৰীৰ বাবে সহজ উপায়। ডিমাপুৰৰ পৰা পশ্চিম বংগৰ হাওৰা লৈ সন্দেহজনক বাৰ্মিজ চুপাৰী সৰবৰাহ কৰাৰ সময়তে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত জি আৰ পিৰ অভিযান । নামনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা প্ৰায় ৪০ বস্তা আৰু নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা প্ৰায় ২৮০ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয় ।

ADVERTISEMENT

এক গোপন সূত্ৰৰ ভিত্তিত জি আৰ পি য়ে অভিযান চলাই জব্দ কৰে এই চুপাৰী খিনি। এই চুপাৰী খিনিৰ বজাৰ মূল্য প্ৰায় ৫৫ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে। কাৰ আশীৰ্বাদত ৰে’লৰ ডবাৰ ভিতৰত মুকুলি ভাবে চলি আছে এই সৰবৰাহ সেয়া জি আৰ পিৰ তদন্ততহে পোহৰলৈ আহিব ।

Exit mobile version