Former Nalbari MLA Ashok Sharma will leave the BJP today : আজি বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই !

৯ আগষ্টত যোগদান কৰিব কংগ্ৰেছত 

sarma

Former Nalbari MLA Ashok Sharma will leave the BJP today :

শুক্ৰবাৰে বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। সকলো থিকে থাকিলে ৯ আগষ্টত কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা অশোক শৰ্মাৰ। আনহাতে দল এৰাৰ ঘোষণাৰ পিছৰে পৰা প্ৰাক্তন বিধায়কজনে দলৰ নেতৃত্বৰ বিৰুদ্ধে বহু অভিযোগ উদ্থাপিত কৰিছিল ৷ দীৰ্ঘদিনৰ পৰা দলত উপেক্ষিত হৈ অহা নেতাজনে শেহতীয়াকৈ ৰাজ্যিক বিজেপি নেতৃত্বৰ কেতবোৰ কামকাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি অৱশেষত আজি আনুষ্ঠানিকভাৱে দলৰ পৰা অব্যাহতি ল’ব ৷

আজি বিয়লি ভাগত প্ৰাক্তন বিধায়কজনে ৰাজ্যিক বিজেপিৰ বশিষ্টস্থিত কাৰ্যালয়ত উপস্থিত হৈ বিষয়ববীয়াৰ হাতত তুলি দিব পদত্যাগ পত্ৰ ৷ উল্লেখ্য যে,দল এৰাৰ পূৰ্বে শৰ্মাই বৃহস্পতিবাৰে কামাখ্যা আৰু উগ্ৰতাৰা মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰে ।

Exit mobile version