Landslide death toll in Wayanad, Kerala 358 people:কেৰালাৰ ৱায়ানাড়ত ভূমিস্খলনত মৃতকৰ সংখ্যা বৃদ্ধি পালে ৩৫৮জনলৈ

ধ্বংসস্তুপৰ মাজত বহুলোক আবদ্ধ হৈ থকাৰ সন্দেহ অভিযান তীব্ৰতৰ, প্ৰৱল বৃষ্টিপাতে বাধাৰ সৃষ্টি কৰিছে উদ্ধাৰ অভিযানত

yanard 2

Landslide death toll in Wayanad, Kerala 358 people:

দেশৰ মৰ্মান্তিক প্ৰাকৃতিক দুৰ্যোগ হিচাপে বিবেচিত  হোৱা কেৰালাৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাই আছে ৷ কেৰালা চৰকাৰে সদৰী কৰা শেহতীয়া তথ্য অনুসৰি ভূমিস্খলনত নিহতৰ সংখ্যা শনিবাৰে বৃদ্ধি পালে ৩৫৮জনলৈ ৷
বোকা আৰু প্ৰকাণ্ড শিলে পুতি পেলোৱা ধ্বংসপ্ৰাপ্তবাসগৃহ আৰু ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহত উদ্ধাৰকাৰী দলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও নেৰানেপেৰা বৰষুণে উদ্ধাৰ অভিযানত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে৷তৎস্বত্বেও অভিযান চলি আছে ৷

আনহাতে কেৰেলা চৰকাৰে উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ অত্যাধুনিক ৰাডাৰ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱাৰ প্ৰতি সহাৰী জনায় কেন্দ্ৰই শণিবাৰে ত্ৰিৰংগা মাউণ্টেইন ৰেছক্ৰু অৰ্গেনাইজেশ্বনৰ জৰিয়তেোজাভাৰ ৰাডাৰ আৰু চাৰিটা ৰিকো ৰাডাৰ বিমানেৰে প্ৰেৰণ কৰিছে ৱায়ানাড়লৈ লৈ ৷

ৱায়ানাড়ত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ পিছত উদ্ধাৰকাৰী দলে ড্ৰোণ আৰু স্নিফাৰৰ সহায়েৰে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ভূমিস্খলনৰ ফলত ধ্বংসস্তুপত বহুলোক আবদ্ধ হৈ থকাৰ সন্দেহত বিগত পাঁচদিন ধৰি এছডিআৰএফ,এনডিআৰএফ,ভাৰতীয় স্থল সেনা,এয়াৰ ফৰ্ছ আৰু নৌসেনাই অত্যাধুনিক সা- সঞ্জামেৰে ক্ষতিগ্ৰস্ত অঞ্চলত সমূহত হেলিকপ্টাৰেৰে অভিযান অব্যাহত ৰাখিছে ৷

শুকুৰবাৰে তামিলনাডুৰ অনা চাৰিটা স্নিফাৰ ডগ আৰু ড্ৰোণৰ সহায়ত ইতিমধ্যে সন্ধানহীন হৈ থকা লোকৰ সন্ধানত অভিযান দুৰ্বাৰ গতিত চলাই আছে ৷ ৱায়ানাড়ৰ ভূমিস্খলনৰ ফলত এখন দলং সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হৈছিল ৷ইয়াৰ ফলত উদ্ধাৰ অভিযানত বৃহৎ অসুবিধাৰ সন্মুখীন হৈছিল উদ্ধাৰকাৰী সন্থা সমূহ ৷ অৱশেষত যোৱা চাৰিদিন ধৰি অশেষ চেষ্টাৰ অন্তত এখন ব্ৰেইলী ব্ৰীজখন নিৰ্মাণ কৰিবলৈ সক্ষম হয় সেনাই ৷

উল্লেখ্য যে ৱায়ানাড়ৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনত গছ-গছনি উভলি পৰি বহুকেইটা পথ আবদ্ধ হৈ পৰিছিল। যাৰবাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈয়ো উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চল সমূহত ছটা ভাগত বিভক্ত হৈ অভিযান অব্যাহত ৰাখিছে | ইতিমধ্যে প্ৰায় ২০টা উদ্ধাৰকাৰী দলে যৌথভাৱে চলাই গৈছে উদ্ধাৰ অভিযান ৷ শুকুৰবাৰে সেনাৰ এটা দলে কুন্নুত আবদ্ধ হৈ থকা চাৰিজনলোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

মনকৰিবলগীয়া যে এয়াৰফৰ্ছৰ বিমান আৰু হেলিকপ্টাৰ সমূহ গাজিয়াবাদৰ হিন্দন বিমানঘাটিৰ পৰা উদ্ধাৰ অভিযানত উবুৰি খাই পৰিছে।

Exit mobile version