Latmandal arrested for taking bribe in Kalaigaon:ৰাজ্যত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী

১০ হাজাৰ টকাৰ উৎকোচ লৈ দুনীৰ্তি নিবাৰকৰ জালত লাটমণ্ডল

bribe

Latmandal arrested for taking bribe in Kalaigaon:

ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী উৎকোচ লৈ হাতেলোটে দুনীৰ্তি নিবাৰকৰ জালত পৰাৰ পিছতো খক কমা নাই একাংশ ঘোচখোৰ বিষয়া – কৰ্মচাৰীৰ ৷

মঙলবাৰে পুনৰ উৎকোচ লৈ আটক হ’ল এজন চৰকাৰী কৰ্মচাৰী। কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল সহ কাৰ্যালয়ৰ চালককো গ্ৰেপ্তাৰ কৰে দুনীৰ্তি নিবাৰক ৷

মাটি নামজাৰি কৰি দিয়াৰ নামত এজন লোকৰ পৰা লাট মণ্ডল ৰহিমৰাম মণ্ডলে চালক ধ্ৰুৱ নাথৰ জৰিয়তে দহ হেজাৰ টকা ঘোচ লওঁতেই পূৰ্বৰে পৰা খাপ পিটি থকা দুনীৰ্তি নিবাৰক শাখাই হাতেলোটে আটক কৰে ৷

ইতিমধ্যে আটকাধীন লাট মণ্ডল ৰহিমৰাম মণ্ডল আৰু চালক ধ্ৰুৱ নাথক অধিক অধিক তথ্যৰ বাবে গুৱাহাটীলৈ নিয়ে দুনীৰ্তি নিবাৰক শাখাই ৷

Exit mobile version