Open Quiz Competition:মৰাণত অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা সম্পন্ন, মৰাণ কুইজ ফ’ৰামলৈ “কুইজ ৰত্ন” সন্মান”

yyy scaled

Open Quiz Competition:

মৰাণ অইল ইণ্ডিয়া উঃমাঃ বিদ্যালয়ৰ শিক্ষক, কুইজ পৰিচালক ,ক্ৰীড়াবিদ প্ৰয়াত মন্টু শৰ্মা সোঁৱৰণী সদৌ অসম মুকলি কুইজ প্ৰতিযোগিতা ৪ আগষ্ট তাৰিখে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। মন্টু শৰ্মা স্মৃতিৰক্ষা সমিতি তথা মৰাণ কুইজ ফৰামৰ পৰিচালনা আৰু সহযোগত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৪০ টি দলে অংশগ্রহণ কৰে।

প্ৰতিযোগিতাখনত প্ৰথম স্থান অধিকাৰ কৰে যোৰহাটৰ বিক্রম বৰা আৰু জ্যোতিষ্মান গগৈ , দ্বিতীয় স্থানত গুৱাহাটীৰ চয়ন মজুমদাৰ, বিশ্বজিৎ শর্মা, তৃতীয় স্থান লাভ কৰে পার্থ প্রতীম কাশ্যপ আৰু সত্য ৰঞ্জন বিশ্বাল (অসম চিকিৎসা মহাবিদ্যালয়) চতুর্থ স্থান অধিকাৰ কৰে বিক্রমদ্বীপ ডেকা আৰু ৰাজদ্বীপ বৰ্মন (তেজপুৰ) পঞ্চম স্থানত -জিতাদিত্য নাজাৰী আৰু কমল মেধি (গুৱাহাটী) আৰু ষষ্ঠ স্থান অধিকাৰ কৰে সায়ন্তন শইকীয়া আৰু সন্দিপন পাঠকে (ডিগবৈ আৰু যোৰহাট) শ্ৰেষ্ঠ দৰ্শকৰ সন্মান লাভ কৰে মৰাণৰ ব্ৰনচন শৰ্মাই।

প্ৰতিযোগিতাখন উদ্ধোধন কৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাঞ্জল পল্লৱ শইকীয়াই, বন্তি প্ৰজ্বলন কৰে মৰাণ কুইজ ফৰামৰ মুখ্য উপদেষ্টা শোভিত কুমাৰ ছেত্ৰীয়ে । মুকলি সভাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ স্বপন চুতীয়া, সাংবাদিক ত্ৰৈলোক্য চেতিয়া,তিলৈ লিটল কিংডম বিদ্যালয়ৰ উপাধ্যক্ষ নিলাক্ষী বৰুৱা। সভাখনত সভাপতিত্ব কৰে শোভিত কুমাৰ চেত্ৰী দেৱে।

সভাতে মৰাণ কুইজ ফৰামৰ বিষয়ববীয়াসকলক বিগত এটা দশক ধৰি কুইজৰ প্ৰসাৰ তথা প্ৰচাৰত অফুৰন্ত অৰিহণা আগবঢ়াই অহাৰ বাবে মন্টু শৰ্মা স্মৃতিৰক্ষা সমিতিৰ তৰফৰ পৰা ‘কুইজ ৰত্ন সন্মানেৰে সন্মানিত কৰা হয়।

Exit mobile version