Rukmininagar flood victims Protest:এজাক বৰষুণতে স্তব্ধ গুৱাহাটীত এতিয়াও পানীৰ তলত মহানগৰীৰ বহু অঞ্চল

কৃত্ৰিম বানৰ বাবে ব্যাহত যাতায়ত ব্যৱস্থা, কৃত্ৰিম বানত ডুব যোৱা ৰুক্মিণীনগৰৰ বানাক্ৰান্ত ৰাইজৰ উত্তাল প্ৰতিবাদ

public proterst

Rukmininagar flood victims Protest:

পুনৰ এজাক মুষলধাৰে বৰষুণে ‘স্মার্ট চিটি’ৰ স্বৰূপ উদঙাই স্তব্ধ কৰিলে মহানগৰীৰ জনজীৱন। বহু চর্চিত ‘বানমুক্ত গুৱাহাটী’ৰ কোটি কোটি টকীয়া অভিলাষী আঁচনিসমূহক চূড়ান্ত ফ্লপ শ্ব’ত পৰিণত কৰি সোমবাৰে বিয়লি অহা বৰষুণজাকে সৃষ্টি কৰা কৃত্রিম বানৰ কবলত পৰি দিক্বিদিক হেৰুৱাই পেলালে মহানাগৰিকে।

ঘৰমুৱা হোৱা স্কুলীয়া শিক্ষার্থী, চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীকে ধৰি সাধাৰণ নাগৰিকলৈকে সকলো কৃত্রিম বানত বহু ঘণ্টা ঘণ্টাজুৰি আবদ্ধ হৈ পৰে ৷

সোমবাৰৰ মুষলধাৰ বৰষুণৰ ফলত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয় ৰুক্মিণীনগৰত ৷ উল্লেখ্য যে এজাক বৰষুণ দিলেই একাঠু- এবুকু পৰ্যন্ত পানী ৰুক্মিণী নগৰত হোৱাটো নিয়মত পৰিণত হৈছো ৷

মঙলবাৰে বানাক্ৰান্ত ৰুক্মিণীনগৰৰ ৰাইজে হাতত প্লেকাৰ্ড লৈ পানীৰ মাজতে উত্তাল প্ৰতিবাদ কৰে । অঞ্চলটোৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বানৰ সমস্যা শীৰ্ঘেই সমাধান কৰাৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

Exit mobile version