Assam Wrestling Association:ভিনেশ ফোগাটে কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিছেঃ ৰাতুল শৰ্মা

অসম মল্লযুঁজ সন্থাৰ সভাপতিৰ প্ৰতিক্ৰিয়া

uuu

Assam Wrestling Association:

পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ’লেও কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিবলৈ সক্ষম হৈছে মহিলা মল্লযুঁদ্ধা ভিনেশ ফোগাট, এই মন্তব্য অসম ৰেষ্টলিং সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ। ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ৰূপৰ পদক নিশ্চিত কৰা ভাৰতীয় মহিলা মল্লযুঁজাৰু ভিনেশ ফোগাটে মহিলাৰ ৫০ কেজিৰ তলৰ শাখাত আজি ফাইনেল খেলত অৱতীৰ্ণ হোৱাৰ কথা আছিল।

কিন্তু ফাইনেল খেলৰ পূৰ্বে ওজন পৰীক্ষাত মাত্ৰ ১০০ গ্ৰাম ওজন বৃদ্ধি হোৱাত অলিম্পিক কৰ্তৃপক্ষই ভিনেশক অযোগ্য বুলি ঘোষণা কৰাত ভাৰতবৰ্ষৰ লগত ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকল নিৰাশ হোৱা দেখা গৈছে। অসম ৰেষ্টলিং সন্থাৰ সভাপতি ৰাতুল শৰ্মাই হাজোত সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় এই খবৰে আমাক অত্যন্ত দুখ দিছে। সকলো ভাৰতীয়ই আশা কৰিছিল পেৰিছ অলিম্পিকত ভিনেশ ফোগাটে সোণৰ পদক অৰ্জন কৰিব।

কিন্তু আমাৰ দুৰ্ভাগ্য। অলিম্পিক কৰ্তৃপক্ষই ওজন বৃদ্ধি পোৱাৰ বাবে ভিনেশক অযোগ্য বুলি ঘোষণা কৰিলেও কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিবলৈ সক্ষম হৈছে। লগতে ৰেষ্টলিং সন্থাৰ সভাপতি ৰাতুল শৰ্মাই কয় ভাৰতবাসী মল্লযুদ্ধা ভিনেশ ফোগাটৰ লগত আছে।

Exit mobile version