Journalist kamala Saikia Memorial Award:সাংবাদিক শ্বহীদ কমলা শইকীয়াৰ ৩৩সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্রদান অনুষ্ঠান

প্রখ্যাত অভিনেতা আদিল হুছেইনক ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা প্ৰদান

awards

Journalist kamala Saikia Memorial Award:

১৯৯১ খ্ৰীষ্টাব্দৰ ৯ আগষ্টত উগ্রপন্থীৰ গুলীত নিহত হোৱা অসমৰ প্রথমগৰাকী শ্বহীদ-সাংবাদিক, মুক্তিযোদ্ধা, সমাজকর্মী, বিশিষ্ট অসমপ্রেমী কমলা শইকীয়াৰ ৩৩সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে শুক্ৰবাৰে মহানগৰীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসে গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত এটি স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰে ৷ এইবাৰ একবিংশতিতম বক্তৃতা প্রদান কৰে যশস্বী সাহিত্যিক, সাংবাদিক, স্তম্ভ লেখক, পদ্মশ্রী অৰূপ কুমাৰ দত্তই।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে প্রখ্যাত অভিনেতা আদিল হুছেইনক প্রদান কৰা হয় ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা ৷ অনুষ্ঠানত সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ সভাপতি তথা বিশিষ্ট সাংবাদিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা,ন্যাসৰ সম্পাদক দ্বীপজ্যোতি গোস্বামী সহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Exit mobile version