Neeraj Chopra’s mother’s reaction after he won the form:নীৰজ চোপ্ৰাই ৰূপ লাভ কৰাৰ পিছত নীৰজ মাতৃৰ প্ৰতিক্ৰিয়া

niramother

Neeraj Chopraer’s Mother reaction after he won the form:

পেৰিছ অলিম্পিকত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ ৷ একেৰাহে দুখনকৈ অলিম্পিকত পদক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত নীৰজ ৷ পদক লাভৰ পাছতেই পিতৃ সতীশ কুমাৰে কয়,পুত্ৰৰ এই অভিলেখ সৃষ্টিকাৰী ইভেণ্ট প্ৰত্যক্ষ কৰিবলৈ টিভি স্কীনত দৃষ্টিনিবদ্ধ কৰি আছিলো। অৱশেষত পুত্ৰ উজ্জ্বলি উঠিল ফান্সৰ ভূমিত। ফাইনেলত ৮৯.৪৫ মিঃ জেভলিন থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে পাকিস্তানী আশ্বাৰ্দ নাদীমে ৯২.৯৭ মিটাৰ জেভলিন দলিয়াই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

নীৰজৰ পিতৃয়ে আৰু কয় যে,২০২৩ চনত পুত্ৰ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰাৰ পূৰ্বেও যথেষ্ট অসুস্থ থকাৰ দৰে এইবাৰো মে’ মাহৰ আৰম্ভণিৰে পৰা কিছু শাৰীৰিকভাৱে অসুস্থ আছিল ৷

নীৰজৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি গৌৰৱ অনুভৱ কৰা পিতৃয়ে আৰু পুৰুষৰ জেভলিন থ্ৰ’ ফাইনেলত পাকিস্তানৰ দিন বুলি উল্লেখ কৰে ৷ সকলোৰে নিজৰ নিজৰ দিন থাকে। আজি আছিল পাকিস্তানৰ দিন। কিন্তু আমি ৰূপৰ পদক লাভ কৰিছো, আৰু ই আমাৰ বাবে গৌৰৱৰ বিষয়। মই ভাবো নীৰজৰ গ্ৰ’ইনৰ আঘাতে তেওঁৰ প্ৰদৰ্শনত কিছু অসুবিধাৰ সৃষ্টি কৰিছ। পেৰিছত নীৰজৰ সফলতাই পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব ৷

নীৰজৰ পিতৃ সতীশ কুমাৰে কয়,নীৰজৰ খেল উপভোগ কৰিবলৈ চুবুৰীৰ মানুহৰ বাবে এখন ডাঙৰ পৰ্দাৰ ব্যৱস্থা কৰা হয় আৰু সকলোৱে আনন্দ- ফুৰ্তিৰে খেল উপভোগ কৰে ৷ চুবুৰীৰ বহু মানুহ উপস্থিত হ’ল তেওঁলোকৰ ঘৰৰ চৌহদত ৷

আনহাতে নীৰজৰ জয়ৰ পিছত মানুহৰ মাজত মিঠাই বিতৰণ কৰা হয় ৷ আনহাতে পুত্ৰ সাফল্যত আনন্দিত হোৱা নীৰজৰ মাতৃ সৰোজ দেৱীয়ে পুত্ৰৰ প্ৰিয় খাদ্য ৰান্ধিবলৈ আগ্ৰহী বুলি উল্লেখ কৰে ৷ ‘আমি বৰ সুখী। আমাৰ বাবে ৰূপো সোণৰ সমান। সোণ পোৱাজনো আমাৰ ল’ৰাৰ দৰে। পুত্ৰ আঘাতপ্ৰাপ্ত হৈছিল, গতিকে তেওঁৰ প্ৰদৰ্শনত আমি সুখী। মই তেওঁৰ প্ৰিয় খাদ্য ৰান্ধিম।’

আনহাতে, নীৰজৰ ককাক ধৰ্ম সিং চোপ্ৰাই নাতিৰ জয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ৰূপৰ পদক লাভ কৰি দেশত আৰু এটা পদক সংযোজন কৰিছে। টকিঅ’ৰ স্বৰ্ণ পদক জয়ী কৰিবলৈ নীৰজে ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি কেৰিয়াৰত এতিয়া যিখিনি অৰ্জন কৰিবলগীয়া আছে সেয়া কৰিলে ।

৯২.৯৭ মিটাৰ অলিম্পিক অভিলেখৰ প্ৰচেষ্টাৰে সমগ্ৰ এথলেটিকছত পাকিস্তানৰ আৰ্ছাদ নাদীমে অনায়াসে ৯০ মিটাৰৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি অলিম্পিকৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ট্ৰেক এণ্ড ফিল্ড প্ৰদৰ্শন আগবঢ়ায়। তেওঁ দ্বিতীয়টো প্ৰচেষ্টাত অলিম্পিকৰ অভিলেখ ভংগ কৰি ৯১.৭৯ মিটাৰৰ উল্লেখযোগ্য থ্ৰ’ৰে নিজৰ আকৰ্ষণীয় প্ৰদৰ্শন কৰি সোণৰ পদক কাঢ়ি লৈ ​​যায় বুলি মন্তব্য কৰে নীৰজৰ ককাকে ।

Exit mobile version