Nobel laureate Dr. Mohammad Yunus sworn In As Chief Adviser To Bangladesh’s interim Government: :ন’বেল জয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰে ল’লে শপত

১৬ সহযোগী উপদেষ্টাৰ ভিতৰত শপত ল'লে ১৩জনে, কে'বাগৰাকী মহিলা সদস্য, ছাত্র নেতাও অন্তর্ভুক্ত, ঢাকাত ভাৰতৰ ভিছা কেন্দ্ৰ বন্ধ

unuj

Nobel laureate Dr. Mohammad Yunus sworn In As Chief Adviser To Bangladesh’s interim Government:

ফান্সৰ ৰাজধানী পেৰিছৰ পৰা উভতি জন্মভূমিত উপস্থিত হোৱা ন’বেল বিজয়ী অর্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বত অৱশেষত বাংলাদেশত গঠন হ’ল অন্তর্বর্তীকালীন চৰকাৰ। বৃহস্পতিবাৰে নিশা আঠ বজাত ঢাকাৰ বংগ ভৱনত ইউনুছ আৰু তেওঁৰ ১৬ জন সহযোগী উপদেষ্টাৰ ১৩ জনে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত লয়। ইয়াৰে কে’বাগৰাকীও মহিলা।

ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনৰ উপস্থিতিত এই শপতগ্রহণ অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে ছাত্র আন্দোলনৰ
নিহতসকলৰ স্মৃতিত মৌন প্রার্থনা জনোৱা হয়। তাৰ পাছত পৰিবেশন কৰা হয় বাংলাদেশৰ জাতীয় সংগীত।

শপত লোৱা সদস্য- সদস্যাসকল হ’ল ছালেহ উদ্দিন আহমেদ, আছিফ নজৰুল, আদিলুৰ ৰহমান খান, হাছান আৰিফ, টৌহিব হুছেইন, ছৈয়দা ৰেজুৱানা হাছান, নাহিদ ইছলাম, আছিফ মাহমুদ সজীব ভূঞা, জেনেৰেল এম শ্বেখাৱট হুছেইন, ফৰিদা আখতাৰ, খালিদ হাছান, নুৰ জাহান বেগম আৰু ছাৰমিন মুৰছিদ। আনহাতে, ঢাকাত বৃহস্পতিবাৰে উপস্থিত নথকাৰ বাবে শপত লোৱা নহ’ল সুপ্রদীপ চাকমা, বিধানৰঞ্জন ৰয় আৰু ফাৰুকি আজমৰ।

উল্লেখ্য যে হাছিনা চৰকাৰৰ সংৰক্ষণ নীতিৰ বিৰুদ্ধে চলা আন্দোলনৰ ঐক্যমঞ্চ বৈষম্য বিৰোধী ছাত্র আন্দোলনক নেতৃত্ব দিছিল নাহিদ ইছলামে। তেওঁৰ অন্তৱর্তীকালীন চৰকাৰত অন্তর্ভুক্তি এক লক্ষ্যণীয় বিষয় হিচাপে পৰিগণিত হৈছে।

ইপিনে, দায়িত্ব ল’বলৈ বৃহস্পতিবাৰে দুপৰীয়া ২-১০ বজাত পেৰিছৰ পৰা আহি ঢাকাৰ শ্বাহজাহাল আন্তর্জাতিক বিমানকোঠত উপস্থিত হয় ইউনুছ। বিমানকোঠতে তেওঁক দেশখনৰ তিনিওটা সামৰিক বাহিনীৰ মুৰব্বীসকলে আদৰণি জনায়। তদুপৰি ছাত্ৰ আন্দোলনৰ সমন্বয়কসকলেও তেওঁক আদৰে। ইয়াৰ পাছতেই ইউনুছে বাংলাদেশত প্রথমে শান্তি-শৃংখলা প্রতিষ্ঠা কৰাই তেওঁৰ লক্ষ্য বুলি সদৰী কৰে।

সেই লক্ষ্যৰে তেওঁ দেশবাসীক উদ্দেশি বার্তা দিয়ে এনেদৰে, ‘মোৰ ওপৰত আস্থা ৰাখক। দেশত কাৰো ওপৰত আক্ৰমণ নচলিব।’ বাংলাদেশৰ সংবাদ মাধ্যমত প্রকাশিত অনুসৰি, ইউনুছে এই ছাত্র আন্দোলনক দেশখনৰ দ্বিতীয় স্বাধীনতা বুলি অভিহিত কৰিছে। সেয়েহে এই স্বাধীনতা ৰক্ষাৰো আহ্বান জনায়। তেওঁ কয়, ‘এই স্বাধীনতা আমি সুৰক্ষিত কৰিব লাগিব। আজি আমাৰ গৌৰৱৰ দিন। যি বিপ্লৱৰ জৰিয়তে দেশৰ তৰুণসকলে নতুন বিজয় দিৱসৰ সৃষ্টি কৰিলে, তাক সন্মুখত ৰাখি আমি আগুৱাই যাব লাগিব। যিসকলে ইয়াক সম্ভৱ কৰিলে, তেওঁলোকক কৃতজ্ঞতা জনাইছো। তেওঁলোকে বাংলাদেশক ৰক্ষা কৰিলে। বাংলাদেশক পুনৰ জন্ম দিলে। চৰকাৰক দেখিলে মানুহ উৎফুল্লিত হ’ব। আমি বাংলাদেশ এটা পৰিয়াল।’ ইয়াৰ মাজতে ইউনুছে হাছিনা চৰকাৰৰ নীতিক সমালোচনাও কৰে।

#ভাৰতৰ ভিছা কেন্দ্র অনির্দিষ্ট কাললৈ বন্ধ:

বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ বাবে দেশখনত থকা ভাৰতৰ ভিছা কেন্দ্ৰটো আজি অনির্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হয়। ইয়াৰ ফলত দেশখনত থকা কোনো ভাৰতীয়ই ভিছাৰ বাবে আবেদন কৰিব নোৱাৰিব। আবেদনৰ পৰৱৰ্তী তাৰিখ এছএমএছযোগে ইতিমধ্যে আবেদন কৰা সকলক অৱগত কৰা হ’ব বুলি কেন্দ্ৰৰ পৰা জনোৱা হৈছে।

উল্লেখ্য যে ইতিমধ্যে ভাৰত চৰকাৰে বাংলাদেশত থকা উচ্চায়ুক্তৰ কাৰ্যালয় আৰু কনছুলেটৰৰ অপ্রয়োজনীয় কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসকলক দেশখনৰ পৰা ঘূৰাই আনিছে। বাংলাদেশত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ বাবেই চৰকাৰে এনে স্থিতি গ্রহণ কৰে।

উল্লেখ্য যে ঢাকাত ভাৰতৰ উচ্চাযুক্ত আৰু ছিটাগং-ৰাজশ্বাহী-খুলনা- চিলেটত কনছুলেট আছে। বৃহস্পতিবাৰে সংসদত ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে সদৰী কৰে যে বাংলাদেশত প্ৰায় ১৯ হেজাৰ ভাৰতীয় নাগৰিক আছে আৰু তাৰে ন হেজাৰ শিক্ষার্থী।

জয়শংকৰে জনায় যে অধিকাংশ ছাত্র-ছাত্রী ইতিমধ্যে ভাৰতলৈ উভতি আহিছে। তদুপৰি ভাৰত চৰকাৰে দেশখনত থকা ভাৰতীয় লোকসকলৰ লগত যোগাযোগ ৰক্ষা কৰি চলিছে। তদুপৰি বাংলাদেশত থকা দেশখনৰ সংখ্যালঘু লোকসকলৰ নিৰাপত্তাৰ ওপৰতো সূক্ষ্ম দৃষ্টি ৰাখিছে।

Exit mobile version