Bangladesh’s Supreme Court Chief Justice has demanded his resignation:পুনৰ উত্তপ্ত বাংলাদেশ,ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীত উত্তাল আন্দোলনকাৰী ছাত্ৰ

উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশে পদত্যাগ নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব: ছাত্ৰ আন্দোলনৰ সমন্বয়ক,জনতাৰ ৰূপ দেখি পদত্যাগৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে

bangla 11

Bangladesh’s Supreme Court Chief Justice has demanded his resignation:

বাংলাদেশত অব্যাহত থকা অস্থিৰ পৰিবেশ যতি পৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ৰূপে শপত গ্ৰহণ কৰিছিল ন’বেল জয়ী বিশিষ্ট অৰ্থনীতিবিদ মহম্মদ ইউনুছ সহ আন আন উপদেষ্টা সকলে ৷ শপত গ্ৰহণৰ দুটা দিন নৌহওঁতেই শনিবাৰে পুনৰ উত্তপ্ত হৈ পৰে দেশখন। ইমানতে ক্ষান্ত হোৱা নাই প্ৰতিবাদকাৰীসকল।

আন্দোলনকাৰী ছাত্ৰ আৰু জনতাই ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ সহ আন আন ন্যায়াধীশৰ পদত্যাগৰ দাবীত ৰাজধানী চহৰ ঢাকাস্থিত উচ্চতম ন্যায়ালয়ৰ সন্মুখত অৱস্থান কৰি পৰিবেশ উত্তাল কৰি তোলে ৷

ছাত্ৰ আন্দোলনৰ সমন্বয়ক হাছনাত আব্দুল্লাই ঘোষণা কৰে যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে পদত্যাগ নকৰালৈকে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত থাকিব। ঢাকা ট্ৰিবিউনৰ মতে, উচ্চতম ন্যায়ালয়ৰ চৌহদত ভাষণ দি তেওঁ কয় ন্যায়াধীশ সকলে পদত্যাগ নকৰিলে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ বাসগৃহ ঘেৰাও কৰা হ’ব ।

শেহতীয়া খবৰ অনুসৰি বিদ্ৰোহী জনতাৰ ৰূপ দেখি পদত্যাগৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল বাংলাদেশ ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ওবাইডুল হাছান।

শুক্ৰবাৰে সন্ধিয়াভাগত মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ৰাজহুৱাভাৱে ঘোষণা কৰে। তেওঁ কয় যে, নিয়ম অনুসৰি পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিব। কিন্তু আন ন্যায়াধীশসকলৰ
পদত্যাগৰ সম্পৰ্কত সাংবাদিকে সোধাত তেওঁ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বে শুক্ৰবাৰে পুৱা অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উপদেষ্টা আছিফ মাহমুদে সামাজিক মাধ্যমত মুখ্য ন্যায়াধীশ ওবাইডুল হাছানৰ চৰ্তহীন পদত্যাগ আৰু আদালতৰ কামকাজ বন্ধ কৰাৰ দাবী জনাইছিল ৷

Exit mobile version