Haryana Government Announcement:হাৰিয়ানা বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ‘গুড মৰ্ণিঙৰ পৰিৱৰ্তে ক’ব লাগিব ‘জয় হিন্দু’

joy hind

Haryana Government Announcement:’

হাৰিয়ানাৰ নায়ব চেইনী চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিলে। ৰাজ্যখনৰ শিক্ষা বিভাগে জাৰি কৰা নির্দেশ অনুসৰি এতিয়াৰে পৰা হাৰিয়ানাৰ সকলো বিদ্যালয়ত শিক্ষার্থীসকলে পুৱা সম্ভাষণৰ বাবে ‘গুড মর্নিং’ (সুপ্রভাত) বুলি কোৱাৰ পৰিৱৰ্তে শিক্ষকক ‘জয় হিন্দ’ বুলি ক’ব লাগিব। অহা ১৫ আগষ্টৰ পৰা হাৰিয়ানাৰ সকলো বিদ্যালয় শিক্ষকক সম্ভাষণৰ বাবে এই নতুন নিয়ম প্রযোজ্য হ’ল।

নির্দেশনাত উল্লেখ কৰা অনুসৰি শিশুৰ মনত দেশভক্তি আৰু জাতীয়তাবাদ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ‘গুড মর্নিং’ৰ পৰিৱৰ্তে শিক্ষার্থীয়ে ‘জয় হিন্দ’ কোৱাৰ ফলত ৰাষ্ট্ৰীয় একতা আৰু দেশৰ ইতিহাসৰ বিষয়ে শিক্ষার্থীসকল অধিক আগ্রহী হ’ব বুলি শিক্ষা বিভাগে নির্দেশনাত আশা প্রকাশ কৰিছে। উল্লেখ্য যে আজাদ হিন্দ ফৌজ গঠনৰ সময়ত নেতাজী সুভাষ চন্দ্র বসুবে প্রথম ‘জয় হিন্দ’ শ্ল’গান দিছিল।

Exit mobile version