Woman arrested for harboring fake gold smugglers:নকল সোণৰ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত মহিলা আটক

lakhimpur

Woman arrested for harboring fake gold smugglers:

বহু চৰ্চিত এছ আই জোনমণি ৰাভা মৃত্যুৰ ঘটনাৰ সময়ত নকল সোণৰ বেপাৰীৰ বিৰুদ্ধে সক্ৰিয় হোৱা দেখুৱা হাছিনা বেগমক হঠাতে গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে

নকল সোণৰ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত মহানগৰীৰ এখন হোটেলত বাহৰ পাতি থকা সময়ত আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে ৷

উল্লেখ্য যে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অ’চি আৰু বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নামত নকল সোণৰ সৰবৰাহকাৰী আৰু জালনোট চক্ৰক ৰক্ষণাবেক্ষণ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

আনকি উদ্থাপিত অভিযোগ মতে হাছিনা বেগমৰ কথা মতে কাম নকৰা আৰক্ষী বিষয়াক বদলি কৰাৰ ভাবুকি দিয়ে। এনে বহু অভিযোগ অনুসৰি আৰক্ষীয়ে ৰজু কৰিছিল বঙালমৰাৰ হাছিনা বেগমৰ বিৰুদ্ধে ৷

আনহাতে আৰক্ষীৰ কঠোৰস্থিতিৰ পাছতে আত্মগোপন কৰি আছিল গুৱাহাটীত। অৱশেষত বিশেষ খবৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ সহযোগত শুক্ৰবাৰে নিশা হাছিনা বেগমক গণেশগুৰিৰ এখন ল’জৰ পৰা গ্ৰেপ্তাৰ কৰে । হাছিনাৰ স’তে একেটা কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁৰ আন এজন সহযোগী ফকৰুদ্দিনক৷

স্মতৰ্ৱ্য যে এছ আই জোনমণি ৰাভা মৃত্যুৰ ঘটনা সন্দৰ্ভত লখিমপুৰ আৰক্ষীয়ে নকল সোণ আৰু জাল নোটৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ সময়ত এই গৰাকী হাছিনা বেগম হঠাতে আত্মপ্ৰকাশ ঘটিছিল ৷ নিজকে এই অপৰাধী চক্ৰৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা লৈ থকা বুলি কৈ নকল সোণ আৰু জাল নোটৰ সৰবৰাহকাৰীৰ এখন তালিকা ডিজিপিৰ হাতত প্ৰদান কৰি সেই সময়ত বিশেষভাৱে চৰ্চিত হৈ পৰিছিল হাছিনা ।

Exit mobile version