Bangladesh Home Advicer:বাংলাদেশত অবৈধ মাৰণাস্ত্ৰৰ সন্ত্রাস !

সাতদিনৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ, ছাত্র আন্দোলনৰ গইনা লৈ দুর্বৃত্তৰ তাণ্ডৱত সংকটত অন্তৱর্তীচৰকাৰ,বহু থানা-অস্ত্রাগাৰ লুট, সন্ত্রাসবাদী সংগঠনো জড়িত

bangladesh666

Bangladesh Home Advicer:

বাংলাদেশত বিৰাজ কৰা অস্থিৰ পৰিৱেশৰ মাজতে অব্যাহত আছে অবৈধ মাৰাণস্ত্ৰৰ জনজননি। ইয়াৰ ফলত সাধাৰণ নাগৰিকৰ মাজত নিৰাপত্তাহীন পৰিৱেশ আৰু অধিক বৃদ্ধি হৈছে। কিন্তু এই অস্ত্র কিদৰে আৰু ক’ৰ পৰা দুর্বৃত্তৰ হাতত পৰিল তাৰ উত্তৰ পোৱা নাই অন্তৱর্তীকালীন চৰকাৰে। ইয়াকে লৈ গুৰুতৰ সংকটত পৰিছে দেশখনৰ গৃহ বিভাগ।

অভিযোগ অনুসৰি, ছাত্ৰ আন্দোলনৰ সময়ত বহু আৰক্ষী থানাৰ পৰা অস্ত্র- শস্ত্র লুট হয়। তদুপৰি দেশত সক্রিয় সন্ত্রাসবাদী সংগঠনৰ পৰাও এনে অস্ত্ৰৰ যোগান ধৰা হয় বিভিন্ন পক্ষক। এনে পৰিস্থিতিত অন্তৱর্তীকালীন চৰকাৰৰ গৃহ বিভাগৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ এম শ্বাখাবট হুছেইনে এনে অস্ত্র হাতত থকাসকলক অহা ১৯ আগষ্টৰ ভিতৰত আৰক্ষী থানাত জমা দিবলৈ আহ্বান জনাইছে।

একপ্ৰকাৰ অসহায়ভাৱে শ্বাখাৱটে কয়, ‘নিষিদ্ধ মাৰণাস্ত্ৰ সাধাৰণ মানুহৰ হাতলৈ কিদৰে গ’ল ? এনেদৰে এখন দেশ চলিব নোৱাৰে। গতিকে যিসকলৰ হাতত এনে অস্ত্র আছে, মই তেওঁলোকক অনুৰোধ জনাইছো যাতে অহা সাতদিনৰ ভিতৰত অস্ত্ৰবোৰ আৰক্ষী থানাত জমা দিয়ে। ইয়াৰ বাবে তেওঁলোকে নিজে থানালৈ নাহিলেও হ’ব। আন কাৰোবাৰ হাততো অস্ত্ৰবোৰ থানালৈ পঠিয়াব পাৰিব। যদি নির্দিষ্ট সময়ৰ ভিতৰত অস্ত্ৰবোৰ জমা নিদিয়ে তেন্তে উপযুক্ত পদক্ষেপ গ্রহণ কৰা হ’ব।’

এইক্ষেত্ৰত তেনে অস্ত্ৰৰ সন্ধানত তালাচী অভিযান চলোৱা হ’ব বুলি গৃহ বিভাগৰ উপদেষ্টাজনে জনায়। তেওঁ লগতে কয়, ‘মাৰধৰ কৰি, হত্যা কৰি কোনো লাভ নাই। আমি আৰু কোনো মৃত্যু চাব নিবিচাৰো।’

উল্লেখ্য যে ছাত্র আন্দোলনৰ পৰিণতিত হোৱা অভ্যুত্থানত তিষ্ঠিব নোৱাৰি প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাই দেশ এৰি ভাৰতলৈ এসপ্তাহ পূর্বে পলায়ন কৰিছিল। হাছিনাই দেশ এৰাৰ পাছতে বাংলাদেশ অধিক উত্তাল হৈ পৰে। দেশখনৰ অধিকাংশ অঞ্চলত হিংসাত্মক ঘটনা বিয়পি পৰে আৰু সেই পৰিৱেশ অদ্যাপি বাহাল আছে। তথ্য অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতলৈ পলায়ন কৰাৰ দিনা নিশা দুর্বৃত্তই দেশখনৰ বহু থানাত লুটপাট চলায়।

অভিযোগ অনুসৰি, আৰক্ষীৰ অস্ত্র ভাণ্ডাৰো দুর্বৃত্তই লুটি নিয়ে। তাৰ পৰিণতিত দেশখনত অস্ত্ৰৰ জনজননিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। প্ৰসংগক্রমে উল্লেখ্য যে শ্বাখাৱটে সদৰী কৰা অনুসৰি বাংলাদেশ আৰক্ষীৰ পোছাক আৰু ‘লগো’ও সলনি কৰা হ’ব।

Exit mobile version